![]()
ডিফুঃ
ভাৰতৰ ভিতৰত অসমৰ হৈ আত্ম সহায়ক গোট সমূহৰ ১৩ টা ক্লাষ্টাৰ লেভেল ফেডাৰেছন চমুকৈ চিএলএফৰ শ্ৰেষ্ট সন্মান লাভ কৰা ধনশিৰি চিএলএফৰ বাৰ্ষিক সভা আৰু কাৰ্যালয় গৃহৰ শুভ উদ্ধোধন কৰা হয়৷
আজি ধনশিৰি চিএলএফৰ সভাপতি মুগুদা হোজাইছাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা অসম গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক মিচন সঞ্চালক কৃষ্ণা বৰুৱাই উপস্থিত থাকি ধনশিৰি চিএলএফৰ কাৰ্যালয় গৃহৰ শুভ উদ্ধোধন কৰাৰ লগতে ধনশিৰি চিএলএফৰ অন্তৰ্গত ১০ টা আত্ম সহায়ক গোটলৈ ৫ লাখ টকাকৈ চেক প্ৰদান কৰাৰ লগতে চাৰিগৰাকী মহিলা অট’চালকক যাত্ৰীবাহী অট’ৰিক্সা প্ৰদান কৰে ৷

সঞ্চালক গৰাকীয়ে সাংবাদিকৰ আগত কয়যে, ভাৰতৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিঙৰ পৰা অসমৰহৈ একমাত্ৰ শ্ৰেষ্ট চিএলএফৰ সন্মান লাভ কৰাটো গৌৰৱৰ বিষয়৷
সভাখনত এএছআৰএলএমৰ চীফ অপাৰেটৰ হিমাদ্ৰী কোঁচ, ষ্টেট প্ৰজেক্ট মেনেজাৰ ডাঃ ৰ’জি বৰুৱা লুম্বাজং খণ্ড উন্নয়ন বিষয়া ৰিতা মিলিকপীৰ লগতে জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা উপস্থিত থাকে ৷













