![]()
নিউজ ডেস্কঃ
চেৰনোবিল পাৰমাণৱিক বিদ্যুৎ কেন্দ্রত এটি নতুন পৰীক্ষাগাৰ ধ্বংস কৰিলে ৰাছিয়াই। এই গৱেষণাগাৰত বর্জ্য পদার্থ পুনৰ ব্যৱহাৰৰ বাবে গৱেষণা চলিছিল বুলি জনাইছে ইউক্রেইনৰ সংবাদ মাধ্যমে। ইউৰোপীয় আয়োগৰ সাহায্যত ছয় মিলিয়ন ইউৰো ব্যয় কৰি এই পৰীক্ষাগাৰটি ২০১৫ চনত খোলা হৈছিল।
ইউক্রেইনে জনোৱা মতে, গৱেষণাগাৰত অত্যন্ত সক্রিয় নমুনা আৰু ৰেডিওনুক্লাইডৰ নমুনা আছে, যি বর্তমান শত্রপক্ষৰ হাতত আছে। ৰেডিওনিউক্লিডছ অস্থিতিশীল পৰমাণু৷
আনহাতে, ইউক্রেইনৰ পাৰমাণৱিক নিয়ন্ত্রক সংস্থাই সোমবাৰে জনাইছে, প্লেণ্টটোৰ চাৰিওপাশে ৰেডিয়েচন মনিটৰবোৰে কাম কৰা বন্ধ কৰি দিছে। উল্লেখ্য, এই ধৰণৰ পৰমাণুৰ পৰা তেজস্ক্রিয়তা বিয়পে। ফলত পুনৰ ইউক্রেইনৰ বতাহ দুষিত হ’ব নেকি সেই আশঙ্কাও বাঢ়িছে।
ইয়াৰ পূৰ্বে ছোভিয়েট ইউনিয়নৰ শাসনকালত ১৯৮৬ চনৰ ২৬ এপ্রিল চেৰনোবিলৰ এটি পাৰমাণৱিক বিদ্যুৎ কেন্দ্রৰ এটি ৰিয়েক্টৰত ভয়াৱহ বিস্ফোৰণ ঘটে৷ যাৰ ফলত বতাহত তেজস্ক্রিয়তাৰ পৰিমাণ বাঢ়ি যায়৷ ততাতৈয়াকৈ এলেকাটোৰ পৰা সকলো লোকক উলিয়াই লৈ যোৱা হয়।













