![]()
নিউজ ডেস্কঃ
কাশ্মীৰ বিতর্কত পুনৰ পাকিস্তানৰ সৈতে সুৰ মিলালে চীনে। ভাৰতক পুনৰ চাপত ৰখাৰ কৌশল গ্ৰহণ বেইজিঙৰ।
পাকিস্তান ভ্ৰমণলৈ গৈ চীনৰ বিদেশমন্ত্রী ৱা ইয়ে কৰা বিতর্কিত মন্তব্যৰ কঠোৰ সমালোচনা কৰিছে দিল্লীয়ে। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র অৰিন্দম বাগচিয়ে কয়, ‘কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু–কাশ্মীৰৰ সম্পর্কিত বিষয়বোৰ ভাৰতৰ আভ্যন্তৰীণ বিষয়। চীনসহ অন্য দেশবোৰে এই বিষয়ত মন্তব্য কৰাৰ কোনো অধিকাৰ নাই। এইটো মনত ৰাখিব লাগিব ভাৰতে কিন্তু তেওঁলোকৰ আভ্যন্তৰীণ বিষয়ত মূৰ নঘমায়।’
মুছলিম দেশবোৰৰ সংগঠন ‘অৰ্গেনাইজেচন অব ইছলামিক কো-অপাৰেচন’ৰ পাকিস্তানত আয়োজিত সন্মিলনত উদ্বোধনী বক্তৃতাত কাশ্মীৰ প্রসঙ্গ উল্লেখ কৰি চীনৰ বিদেশমন্ত্রীগৰাকীয়ে কয়, ‘কাশ্মীৰ প্রসঙ্গত পুনৰ আমাৰ বহু মুছলিম বন্ধুৰ আহ্বান শুনিবলৈ পাইছো। চীনেও তেওঁলোকৰ সেই আশাৰ সৈতে সহমত পোষণ কৰে।’
ইয়াৰ দ্বাৰা কার্যত কাশ্মীৰ প্ৰসংগত ইছলামিক দেশবোৰৰ লগত থকাৰ বার্তা দিয়ে ৱাং ইয়ে। যাৰ তীব্র প্রতিবাদ কৰিছে দিল্লীয়ে। ‘অৰ্গেনাইজেচন অব ইছলামিক কো-অপাৰেচন’ৰ বৈঠকত উপস্থিত থাকি পাক প্রধানমন্ত্রী ইমৰান খানেও কাশ্মীৰ প্রসঙ্গত সুৰ তুলিছে। কিন্তু ইমৰান খানৰ মন্তব্যক মুঠেও গুৰুত্ব দিয়া নাই দিল্লীয়ে।













