![]()
নিউজ ডেস্কঃ
১৯৪৮ চনত স্বাধীনতালাভ কৰিছিল শ্ৰীলংকাই৷ তাৰ পিছৰ পৰা এনে ধৰণৰ তীব্ৰ বিত্তীয় সঙ্কটত ভোগা নাছিল শ্রীলঙ্কাই। ইতিমধ্যে দেশখনত হোৱা কাগজৰ নাটনিৰ বাবে সকলো স্কুলৰ পৰীক্ষা বাতিল কৰিছে শ্ৰীলংকা চৰকাৰে। খাদ্য, বিদ্যুৎ, ঔষধ, ইন্ধন, প্রয়োজনীয় সামগ্রী সকলোতে এতিয়া অনাটন। ফলত একপ্ৰকাৰ অসহায় হৈ পৰিছে দেশখনৰ হাজাৰ হাজাৰ নাগৰিক।
বিদ্যুতৰ অভাৱত দেশত চলিছে ব্লেক আউট। ৰন্ধন গেছৰো নাটনি। ৰাজধানী কলম্বোত পথ অৱৰোধ কৰিছে দেশখনৰ নাগৰিকসকলে। পেট্রোল পাম্পবোৰত দীঘলীয়া শাৰী। তেনেদৰে শাৰী পাতি থাকোঁতেই মৃত্যু হৈছে তিনিজন বয়সস্থ লোকৰ।
বিত্তীয় সঙ্কটৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি হৈছে নিত্যপ্রয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি। এক কেজি চেনিৰ দাম ২৯০ টকা, ৪০০ গ্রাম পাউডাৰ গাখীৰৰ মূল্য ৭৯০ টকা হৈছে। আনহাতে, এক কেজি চাউলৰ মূল্য ৫০০ টকা হোৱাৰ বিপৰীতে এক কাপ চাহৰ মূল্যই ১০০ টকা পাৰ কৰিছে।













