![]()
ডিফুঃ
বৰ্তমান চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা কাৰবি আংলঙত প্ৰৱেশ কৰা যাত্ৰীবাহী বাছ সমূহৰ পৰা সঘনাই নিচাযুক্ত ড্ৰাগছ উদ্ধাৰ হোৱা পৰিলক্ষিত হৈছে ৷
আজি পুৱা এক গোপন খবৰৰ ভিত্তিত খটখটী থানাৰ অ’চি ৰাজু দুৱৰাৰ নেতৃত্বত উপ পৰিদৰ্শক আতিকুৰ ৰহমান আৰু সংগীয় ষ্টাফৰ সহযোগত খটখটী দৈনিক বজাৰৰ ওচৰত এক নাকা অভিযান চলায় ৷

অভিযান কালত ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখে গৈ থকা AS02AC2056 নম্বৰৰ এখন আল্ট্ৰা বাছত তন্নকে তন্নকৈ তালাচী চলায় এগৰাকী মহিলাৰ কৱলৰ পৰা ৫ টা চাবোনৰ বাকচত ৬১’৩৯ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷
হেৰ’ইন খিনিৰ সৈতে এগৰাকী শিশু কণ্যা সহ ধৃত মহিলা গৰাকী নগাওঁ জিলাৰ উলুৱনি থানাৰ অন্তৰ্গত ৩নং চুলুং বৰঘুলিৰ গাঁৱৰ আব্দুল বাৰেকৰ পত্নী মমতাজ বেগম (৩০) বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷













