![]()
নিউজ ডেস্কঃ
প্ৰাপ্য দাবীত গুৱাহাটী সৰ্বশিক্ষা মিছন সঞ্চালকালয় ঘেৰাও কৰিবলৈ অহা ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকক আৰক্ষী বাধা।ৰাজ্য ভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষকসকলক বিভিন্ন ঠাইত আৱদ্ধ কৰিছে আৰক্ষী প্ৰশাসনে।
উল্লেখ্য যে ৪০ হাজাৰ টেট উৰ্ত্তীণ শিক্ষকে আজি দিনৰ ১১বজাত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা কথা।শেহতীয়াকৈ টেট উৰ্ত্তীণ শিক্ষকসমাজৰ নেতৃত্বই অৱগত কৰা মতে- গুৱাহাটী পল্টনবজাৰ ৰেলষ্টেচন, বৰপেটাৰোড, খানাপাৰা, গোলাঘাটকে ধৰি বিভিন্ন স্থানত আবদ্ধ কৰিছে শিক্ষকসকল।গুৰুত্বপূৰ্ণ কথা প্ৰতিবাদী কাৰ্যসূচী বিফল কৰা বাবেই চৰকাৰ তথা প্ৰশাসনে আবদ্ধ কৰিছে আমাক।
উল্লেখ্য চাকৰি নিয়মীয়াকৰণ, মৰগীয়া বানাচ, বকেয়া, ২০২০ চনৰ কেবিনেট সিদ্ধান্ত কাৰ্যকৰীকে ধৰি বহুতো দাবীত সৰ্বশিক্ষা মিছন সঞ্চালকালয় ঘেৰাও কৰা কথা শিক্ষকসমাজৰ।ইফালে শিক্ষক সমাজৰ এই প্ৰতিবাদী কাৰ্যসূচীলৈ সদৌ অসম ছাত্ৰ সন্থা, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে সমৰ্থন জনাইছে।













