![]()
নিউজ ডেস্কঃ
ৰাছিয়া সন্দৰ্ভত এইবাৰ আন্তর্জাতিক পৰীক্ষাৰ সন্মুখত ভাৰত। বৃহস্পতিবাৰে ৰাষ্ট্রসংঘৰ সাধাৰণ অধিবেশন আৰু নিৰাপত্তা পৰিষদত ইউক্রেই্ৰ মানৱ অধিকাৰ পৰিস্থিতি সংক্রান্তীয় খচৰা প্রস্তাৱত বৃহস্পতিবাৰে ভোট অনুষ্ঠিত হোৱাৰ কথা। তাৰ বাবে ইতিমধ্যে নিউয়র্কত উপস্থিত হৈছেগৈ বিদেশ সচিব হর্ষবর্ধন শ্রিংলা। লগতে বুধবাৰে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদ আৰু আৰব দেশবোৰৰ মাজৰ বৈঠকতো উপস্থিত থাকে বিদেশ সচিবগৰাকী।
বৈঠকৰ পিছতে বিদেশ সচিব শ্রিংলাই কয়, “পশ্চিম এছিয়াত শান্তি স্থাপনৰ ক্ষেত্রত আৰব দেশবোৰৰ সৈতে ৰাষ্ট্রসংঘৰ আলোচনাৰ বিষয়টি অত্যন্ত গুরুত্বপূর্ণ। ভাৰতে এই কামত সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ প্রস্তুত।” ৰাষ্ট্রসংঘত ভাৰতৰ স্থায়ী মিছনৰ প্রতিনিধি টি এছ তিৰুমূর্তিয়ে টুইট কৰি বিদেশ সচিবজনক স্বাগতম জনাইছে। অৱশ্যে ৰাছিয়াক কেন্দ্র কৰি নতুন দিল্লীৰ ওপৰত সৃষ্টি হোৱা চাপ কেনেদৰে মোকাবিলা কৰে সেয়া লক্ষণীয় হ’ব।
উল্লেখ্য, ইয়াৰ পূৰ্বে দুবাৰ ৰাষ্ট্রসংঘত ৰাছিয়া-ইউক্রেইন সন্দৰ্ভত ভোট হৈছে। দুয়োবাৰেই ভাৰত ভোটদানৰ পৰা বিৰত আছে। বিৰত থকাৰ ব্যাখ্যা দি নতুন দিল্লীয়ে সন্ত্রাস, হিংসাৰ বিৰুদ্ধে গৰিহণা দিলেও মস্কো বা ভ্লাডিমিৰ পুটিন প্রশাসনৰ নামত কোনো গৰিহণা বা সমালোচনা কৰা নাছিল।













