![]()
নিউজ ডেস্কঃ
দ্বিতীয়বাৰৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী হিচাবে শপত ল’লে পুষ্কৰ সিং ধামিয়ে।
আঠ মাহ মুখ্যমন্ত্রী হৈ থকাৰ পিছত পুনৰ আৰু এবাৰ উত্তৰাখণ্ডৰ গাদীত বহিল তেওঁ। বুধবাৰে ডেৰাডুনৰ পেৰেড গ্রাউণ্ডত শপত গ্রহণ অনুষ্ঠানত উপস্থিত থাকে প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং, বিজেপি সভাপতি জেপি নাড্ডাসহ বহুতো নেতা।
মুখ্যমন্ত্ৰীৰ উপৰি আৰু আঠজন কেবিনেট মন্ত্রীয়েও শপত লয়। তেওঁলোকৰ ভিতৰত আছে সাতপাল মহাৰাজ, সুবোধ ইউনিয়াল, ধন সিং ৰাৱাট, ৰেখা আর্য, গণেশ যোশী। নতুন মুখ আছিল তিনিখন। চন্দন ৰাম দাস, সৌৰভ বহুগুণা, প্রেমচান্দ আগৰৱাল।
উল্লেখ্য, খাতিমা আসনত পৰাজিত হৈছিল পুষ্কৰ সিং ধামি। ২০১২ চনৰ পৰা এই আসনখন গেৰুৱা শিবিৰৰ দখলত থাকিলেও ৬ হাজাৰ ৫৭৯টা ভোটত কংগ্রেছ প্রার্থী ভুবন চন্দ্র কাপ্রিৰ হাতত পৰাজিত হয় তেওঁ।













