![]()
নিউজ ডেস্কঃ
যৌতুকৰ বাবে স্বামীগৃহত নিৰ্যাতিত হৈ চিকিৎসাধীন হোৱা গীতাশ্ৰী হাজৰিকা তালুকদাৰ অৱশেষত মৃত্যু। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত জীৱন মৃত্যুৰে যুঁজি নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে দুৰ্ভগীয়া গীতাশ্ৰীয়ে।মহানগৰী ফটাশীল আমবাৰী চেগুনবাৰীত যৌতুকৰ বাবে সংঘটিত হৈছিল এই বৰ্বৰ কাণ্ড।
স্বামী প্ৰদীপ তালুকদাৰে ৰচীৰে বান্ধি হত্যা চেষ্টা কৰা গুৰুত্ব অভিযোগ গীতাশ্ৰী পৰিয়ালৰ।উল্লেখ্য যোৱা ১৭মাৰ্চত স্বামীগৃহত সংকটজনক অৱস্থাত গীতাশ্ৰীক উদ্ধাৰ কৰি জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল।তাপৰ্যপূৰ্ণ কথা যে মৃত গীতাশ্ৰীয়ে এটি দুবছৰীয়া কন্যা সন্তানৰ মাতৃ আছিল।
ইফালে গীতাশ্ৰী মাতৃ পৰিয়ালে অৱগত কৰা অনুসৰি বুধবাৰে পুৱা ১১.১০বজাত মৃত্যুক হয় গীতাশ্ৰী।গীতাশ্ৰী ভাতৃয়ে স্বামীলৈ অভিযোগ তুলি সংবাদ মাধ্যমৰ আগত কয় এয়া পৰিকল্পিত হত্যা।
২০১৭ চনৰ নৱেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল প্ৰদীপ তালুকদাৰ সৈতে।বিবাহৰ কিছুদিনৰ পাছতেই যৌতুকৰ বাবে গীতাশ্ৰী ওপৰত বিভিন্ন নিৰ্যাতন আৰম্ভ কৰিছিল স্বামী প্ৰদীপ আৰু পৰিয়ালে।প্ৰতিমাহে গীতাশ্ৰীক পৰিয়ালে ১০-১৫হাজাৰ টকা দি অহা বুলিও ভায়েকে কয়।
ভায়েকে অৱগত কৰা মতে ১৭মাৰ্চৰ দিনাখনো গীতাশ্ৰীক মাৰ-পিত কৰি নিশা ৰচীৰে বান্ধি ফেনত ওলোমাই থৈছিল ধৃত প্ৰদীপে।১৮ মার্চ পুৱা জি এম চি এইচত ভৰ্তি কৰি ফটাশিল আৰক্ষী থানাত স্বামী প্ৰদীপ আৰু পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।১৯মাৰ্চত আৰক্ষীয়ে প্ৰদীপক গ্ৰেপ্তাৰ কৰে ।













