ছাইদুল ইছলাম
ডিফু : আজি ডিফুত অসম গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত ডিষ্ট্ৰিক্ট মিছন মেনেজমেণ্ট ইউনিটৰ উদ্যোগত আত্ম-সহায়ক গোটৰ ‘অসমী’ শীৰ্ষক এখনি বিপনীৰ শুভ উদ্ধোধন কৰা হয় ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাবী সদস্য তুলিৰাম ৰংহাঙে উক্ত বিপনীখনৰ শুভ উদ্ধোধন কৰে ৷ উদ্ধোধনী ভাষণত তুলিৰাম ৰংহাঙে ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা ধনশিৰি আত্ম-সহায়ক গোটক অভিনন্দন জ্ঞাপন কৰাৰ লগতে জিলাখন প্ৰতিটো আত্মসহায়ক গোটক কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সহায় কৰা হ’ব বুলি কয় ৷
উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি চাৰিটাকৈ চিএলএফক দুটা যাত্ৰীবাহী অট’ৰিক্সা আৰু দুটা মালবাহী অট’ৰিক্সা বিতৰণ কৰা হয় ৷ উক্ত কাৰ্যসূচীত উপস্থিত থকা এএছআৰএলএমৰ ৰাজ্যিক মিচন সঞ্চালক কৃষ্ণা বৰুৱাই কয় যে, অসমী বিপনীত আত্ম-সহায়ক গোটৰ মহিলাসকলে উৎপাদন কৰা সামগ্ৰীৰ এক বিপনী ৷ গ্ৰাহকৰ সঁহাৰি পাই মূলধন ওভতাই পালে এইসমূহ আত্ম-সহায়ক অধিক উৎসাহেৰে কাম কৰিবলৈ সুবিধা পাব ৷ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি অসমত তিনি লাখতকৈ অধিক আত্ম-সহায়ক গোটৰ বিপৰীতে ৩৩ লাখ মহিলা সদস্যা আছে ৷ সেই সকলক স্বাৱলম্বী কৰি তুলিবলৈ এএছআৰএল এমৰ তৰফৰ ঋণ আদি দি সহায় কৰা হয় বুলি মন্তব্য কৰে ৷ আজিৰ কাৰ্যসূচীত এএছআৰএলএমৰ ডাঃ হিমাদ্ৰী কোঁচ, ডাঃ ৰ’জী বৰুৱা আৰু ধ্ৰুৱজ্যোতি গগৈ উপস্থিত থাকে ৷