ছাইদুল ইছলাম
ডিফু : আজি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বছৰটোৰ অন্তিমটো বিশেষ বাজেট অধিৱেশন অনুষ্ঠিত হৈ যায় ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এই বিশেষ অধিবেশনত মুখ্য কাৰ্য্যবাহী সদস্য ড: তুলিৰাম ৰংহাঙে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
কাৰ্বি আংলং জিলাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক ১০ লাখ টকাকৈ এককালীন (one time insurance) জীৱন বীমা চলিত বছৰতে দিয়াৰ কথা ঘোষণা কৰে। লগতে জ্যেষ্ঠ সাহিত্যিক সাংবাদিকসকলক ১ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান আৰু প্ৰয়াত সাহিত্যিক-সাংবাদিকসকল ৫০ হাজাৰকৈ দিয়াৰ কথা ঘোষণা কৰে।
লগতে ভেনচাৰ কলেজ, হাইস্কুল আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকসকলৰ দৰমহা ৬ হাজাৰৰ টকাৰ পৰা ক্ৰমে ৩৫ হাজাৰ, ১৫ হাজাৰ আৰু ১০হাজাৰ টকালৈ বৃদ্ধি কৰে ।
ইফালে চৰকাৰী গাঁওবুঢ়াসকলৰ দৰমহা ৭০০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি কৰা বুলি সাংবাদিকসকলৰ আগত ঘোষণা কৰে।
এই বাজেট অধিবেশনত ১৭৪৭ কোটি টকাৰ বাজেট গৃহীত হয় ৷ উপাধ্যক্ষ ৰিতেশ ইংহিৰ অধ্যক্ষতাত হোৱা বিশেষ তথা এইখন পৰিষদৰ শেষ অধিবেশনত প্ৰায় সকলো সদস্যই মুখ্য কাৰ্যবাহী সদস্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৷ উল্লেখ যে পূৰ্বে পৰিষদৰ বাজেট ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হয় ৰাজ্য চৰকাৰে বাজেট পয্যালোচনা তথা কৰ্তন কৰি অনুমোদন দিয়ে ৷ কিন্তু এতিয়াৰ পৰা পৰিষদৰ বাজেট পৰিষদে গ্ৰহণ কৰাৰ দৰেই কাৰ্যকৰী হ’ব ৷ চৰকাৰে পৰিষদক এই ক্ষমতা অৰ্পণ কৰিছে ৷
ৰাজ্য চৰকাৰৰ ৫৮০ কোটি আৰু কেন্দ্ৰীয় চৰকাৰৰ ৮৬ কোটি ৮০ লাখ টকাৰ অনুদানেৰে পাৰ্বত্য জিলাখনত বহু উন্নয়ন হ’ব। আনপিনে শিক্ষাৰ ক্ষেত্ৰতো আৰো অধিক গুৰুত্ব দিয়াৰ বাবে সদনত থকা কাৰ্যবাহী সদস্যসকলে আহ্বান জনায়।
বৰ্তমানৰ পৰিষদৰ এইখন অন্তিম বিশেষ বাজেট অধিবেশনত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সাংবাদ মাধ্যমৰ এনেদৰে কয়-