![]()
মনোৰঞ্জনঃ
‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখন এতিয়া তুমুল চর্চাত। বিভিন্ন মহলত ছবিখনক লৈ চলিছে বিস্তৰ আলোচনা। বক্স অফিচতো ইতিমধ্যেই ২০০ কোটি টকাৰ ব্যৱসায় কৰিছে ছবিখনে। দুর্দান্ত অভিনয়ে মুগ্ধ কৰা অনুপম খেৰ, মিঠুন চক্রৱর্তী আৰু পল্লবী যোশীয়ে কিমান টকা পাৰিশ্রমিক লাভ কৰিছে জানেনে?
সূত্রৰ খবৰ অনুযায়ী, পৰিচালক বিবেক অগ্নিহোত্রীৰ ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিত অভিনয়ৰ বাবে পাৰিশ্রমিক হিচাবে অনুপম খেৰে লাভ কৰিছে ১ কোটি টকা। মিঠুন চক্রৱর্তীৰ পাৰিশ্রমিক ডেৰ কোটি টকা। কিন্তু পৰিচালক বিবেক অগ্নিহোত্রীৰ পত্নী তথা এই ছবিখনৰ অন্যতম অভিনেত্রী পল্লবী যোশীৰ পাৰিশ্রমিক সেই হিচাবত বহুখিনি কম।
খবৰ অনুযায়ী, পাৰিশ্রমিক হিচাবে পল্লবীয়ে লাভ কৰিছে ৫০-৭০ লাখ টকা। জানিব পৰা মতে, ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখন পৰিচালনাৰ বাবে পৰিচালক বিবেক অগ্নিহোত্রীৰ পাৰিশ্রমিক আছিল ১ কোটি টকা।













