![]()
নিউজ ডেস্কঃ
বুধবাৰে বিচিচিআইয়ে জনাইছে, আইপিএলৰ মেচবোৰত ষ্টেডিয়ামত ২৫ শতাংশ দর্শক উপস্থিত থাকিব পাৰিব। আনহাতে, কোনো কাউন্টাৰত টিকট বিক্ৰী কৰা নহয়। কেৱল অনলাইনতহে টিকট বিক্ৰী হ’ব।
বুধবাৰে দুপৰীয়া ১২টাৰ পৰা আইপিএলৰ চৰকাৰী ৱেবছইট আৰু বুক মাই শ্বত অনলাইন টিকট বিক্ৰী আৰম্ভ হৈছে। কিন্তু সকলো ধৰণৰ বাধা-নিষেধ মানি চলিব লাগিব আয়োজকসকলে। দর্শকসকলেও সেইবোৰ নিয়ম মানিব লাগিব।
উল্লেখ্য, কৰোনাৰ বাবে কেৱল মুম্বাই আৰু পুনেতেই অনুষ্ঠিত হ’ব এইবাৰৰ আইপিএল। গ্রুপ পৰ্যায়ত মুঠ ৭০খন মেচ অনুষ্ঠিত হ’ব। মুম্বাইৰ তিনিখন ষ্টেডিয়াম মিলাই মুঠ ৫৫খন আৰু পুনেত অনুষ্ঠিত হ’ব ১৫খন মেচ। নক আউট পৰ্যায়ৰ মেচসমূহ অনুষ্ঠিত হ’ব আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত৷













