ষ্টাফ ৰিপ’ৰ্টাৰঃ
পুৱাই গুৱাহাটী জনতা ভৱনত ৰাজ্যিক কেবিনেট। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত লোৱা হৈছে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষিত ৰখা বাবে ১০কিঃমিঃ আঁতৰে আঁতৰে ইক’ছেন্সিটিভ জন ঘোষণা। ৰাষ্ট্ৰীয় উদ্যানখনৰ ৭টাকৈ স্থানক ইক’ছেন্সিটিভ জনত অন্তৰ্ভুক্ত কৰিছে। কাজিৰঙা ব্যাঘ প্ৰকল্প, বুঢ়া চাপৰি, লাওখোৱা, গৰমপানী, নামবৰ দৈগুৰুং, পূৰ্ব কাৰ্বি আলং আৰু উত্তৰ-কাৰ্বি আলং ইক’ছেন্সিটিভ জনৰ অন্তৰ্গত হ’ব। ইয়াৰ উপৰিও ১১টা অঞ্চল ৰিজাৰ্ভ ফৰেষ্ট আৰু ৯টা এনিমেল কৰিডৰৰূপে চিনাক্তকৰণ কৰিছে। উল্লেখ্য যে ইক’ছেন্সিটিভ জনত কোনো নিৰ্মাণ কাৰ্যৰ অনুমতি নাথাকিব।
আনহাতে উক্ত কেবিনেট বৈঠকতে নগাঁও আৰু কাছাৰ কাগজকল ক্ৰয় কৰা বাবে উদ্যোগ বিভাগক ৩৭৫কোটি টকা অনুমোদন জনাই চৰকাৰে। উল্লেখ্য অহা ৩-৪মাহৰ ভিতৰত কল দুটা কৰ্মচাৰীসকলে পাবলৈ থকা বকেয়া লাভ কৰিব বুলি বৈঠকৰ অন্তত মন্ত্ৰী পিযুষ হাজৰিকাই জনাই। গুৰুত্বপূৰ্ণ বন্ধ হৈ থকা কাগজকল দুটাৰ অসম চৰকাৰে ক্ৰয় কৰিছে।