![]()
নিউজ ডেস্কঃ
বুলডজাৰ শব্দটো যোগী আদিত্যনাথ সম্পর্কে উত্তৰ প্রদেশৰ এক সভাত ব্যৱহাৰ কৰিছিল মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে। এইবাৰ সেই শিৱৰাজকেই ‘বুলডজাৰ মামা’ আখ্যা দি প্রচাৰ আৰম্ভ কৰিলে মধ্যপ্রদেশ বিজেপিয়ে।
উত্তৰ প্রদেশৰ নিৰ্বাচনত যোগী আমোলত আইন-শৃঙ্খলাৰ উন্নতি সন্দৰ্ভত যথেষ্ট প্রচাৰ চলাইছিল বিজেপিয়ে। সমাজবাদী পার্টিয়ে যোগীক ব্যঙ্গ কৰি ‘বুলডজাৰ’ শব্দটি ব্যৱহাৰ কৰে। বিজেপিয়ে আকৌ সেইটোৱেই ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে অপৰাধী দমনত সাফল্যৰ প্রতীক হিচাবে।
ইয়াৰ পিছত কিছু পৰিমাণে যোগীৰ কায়দাতেই মধ্যপ্রদেশত পদক্ষেপ গ্ৰহণ কৰিছে শিৱৰাজ সিঙে। শেওপুৰত এগ৮ৰাকী নাবালিকাক ধর্ষণত অভিযুক্ত মহচিন, ৰিয়াজ আৰু শ্বাহবাজৰ ঘৰ ভাঙি গুড়ি কৰি দিছে প্রশাসনে।
সেওনিত গুড়ি কৰি দিয়া হৈছে এগৰাকী কলেজীয়া ছাত্রীক ধর্ষণত অভিযুক্ত হৰিৰাম বার্মা, ৰাহুল বার্মা, বিকাশ সিং, নিৰপত বার্মা আৰু বীৰেন্দ্র বার্মাৰ ঘৰ। ৰাইসেনত গোষ্ঠী সংঘর্ষৰ সময়ত জনজাতি সম্প্ৰদায়ৰ এজন যুৱকক হত্যা কৰাৰ অভিযোগ উঠে কেইবাজনৰো বিৰুদ্ধে। সংঘর্ষত উচটনি দিয়াত অভিযুক্তসকলৰ ঘৰ গুড়ি কৰি দিয়াৰ নির্দেশ দিয়ে শিৱৰাজ সিঙে। একেই পদক্ষেপ গ্ৰহণ কৰা হৈছে শ্বাহদোল আৰু জাওৰা এলেকাত ধর্ষণ আৰু অপহৰণত অভিযুক্তসকলৰ ক্ষেত্রত।
ইয়াৰ পিছতেই শিৱৰাজ সিঙক ‘বুলডজাৰ মামা’ উপাধি দি ভূপালৰ বিভিন্ন স্থানত পোষ্টাৰ লগোৱাৰ ব্যৱস্থা কৰে বিজেপি বিধায়ক ৰামেশ্বৰ শর্মাই। তাত লিখা হৈছে, ‘‘ভগ্নী, জীয়াৰীসকলৰ সন্মানহানি কৰাৰ সাহস যাৰ হ’ব তাৰ ঘৰতেই উপস্থিত হ’ব বুলডজাৰ। জীয়াৰীসকলৰ সুৰক্ষাৰ ক্ষেত্রত যিয়ে বাধা হৈ থিয় দিব তাকেই হাতুৰীৰ দৰে আঘাত কৰিব মামাৰ বুলডজাৰে।’’













