নিউজ ডেস্কঃ
হিন্দু পঞ্চাঙ্গ অনুযায়ী, চলিত বছৰৰ ৩০ এপ্রিলত হ’ব সূর্যগ্রহণ। উক্ত সূর্যগ্রহণৰ ঠিক ১৫ দিন পিছতেই চন্দ্রগ্রহণ হ’ব। সকলো ৰাশিৰ জাতকসকলৰ ওপৰত এই দুই গ্রহণৰ প্রভাব পৰিব। কেইবাটাও ৰাশিৰ জাতকসকল গ্রহণৰ ফলত লাভৱান হ’ব। কেইবাটাও ৰাশিৰ জাতকসকলৰ ওপৰত আকৌ নেতিবাচক প্রভাব পৰিব। বছৰৰ প্রথম সূর্যগ্রহণ আৰু চন্দ্রগ্রহণৰ শুভ প্রভাব কোন কোন ৰাশিৰ জাতকসকলৰ ওপৰত পৰিব, চাওক এবাৰ –
মেষ :- জ্যোতিষশাস্ত্র অনুযায়ী, বছৰৰ প্রথম সূর্যগ্রহণ হ’ব মেষ ৰাশি। ১৫ দিনৰ ব্যৱধানত যি দুটি গ্রহণ হ’ব, তাৰ শুভ ফল লাভ কৰিব মেষ ৰাশিৰ জাতকসকলে। কর্মস্থলীত উন্নতিৰ যোগ সৃষ্টি হৈছে। মেষ ৰাশিৰ যিসকল জাতকে ব্যৱসায় কৰে, তেওঁলোকে মুনাফা লাভ কৰিব। এই সময়ত আপুনি যদি নতুন কোনো কাম আৰম্ভ কৰে, তেনেহ’লে সেয়া ভাল হ’ব পাৰে।
সিংহ :- সিংহ ৰাশিৰ জাতকসকলৰ ওপৰত চন্দ্রগ্রহণ আৰু সূর্যগ্রহণৰ প্রভাব পৰিব। এই সময়ত সিংহ ৰাশিৰ জাতকসকলৰ আর্থিক অৱস্থাৰ উন্নতিৰ সম্ভাবনা আছে। চাকৰিত পদোন্নতি হ’ব পাৰে। আয়ৰ নতুন দিগন্ত উন্মোচিত হোৱাৰ সম্ভাবনা আছে। অৱশ্যে বিনিয়োগৰ ক্ষেত্রত অধিক গুৰুত্ব দিব লাগিব।
ধনু :- ধনু ৰাশিৰ জাতকসকলৰ ওপৰত দুয়োটি গ্রহণৰেই শুভ প্রভাৱ পৰিব। এই সময়ত চাকৰিৰ ক্ষেত্রত নতুন সুযোগ পাব ধনু ৰাশিৰ জাতকসকল। তেওঁলোকৰ আর্থিক অৱস্থা ভাল হ’ব। সূর্যগ্রহণ আৰু চন্দ্রগ্রহণৰ সময়ত আপোনাৰ আধৰুৱা হৈ থকা কাম পূর্ণ হোৱাৰ প্রবল সম্ভাৱনা আছে।