ছাইদুল ইছলাম
ডিফু : কাৰ্বি ভাষা, সাহিত্যৰ চৰ্চা, সংৰক্ষণ আৰু সংবৰ্ধনৰ বিগত সময়ছোৱাত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা কাৰ্বি লাম্মেত আমেইৰ ত্ৰিংশতিতম বাৰ্ষিক অধিবেশনখনি অহা 23 মাৰ্চৰ পৰা 26 মাৰ্চলৈকে চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে পালন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামৰ ডংকাচাৰপʼত অনুষ্ঠিত হʼবলগীয়া অধিৱেশনক কেন্দ্ৰ কৰি জিলাখনৰ সাহিত্য প্ৰেমীসকলৰ মাজত এক উৎসৱমূখৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে।
অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে আয়োজক সমিতিয়ে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশন স্থলীৰ সন্মুখত বৃহৎ তোৰণ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰিবলগীয়া তিনি সহস্ৰাধিক প্ৰতিনিধিক আদৰণি আৰু আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে। অহা 25 মাৰ্চত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অধিৱেশনত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।