![]()
নিউজ ডেস্কঃ
কেইবাটাও বিস্ফোৰণত কঁপি উঠিল উত্তৰ পাকিস্তানৰ শিয়ালকোট চহৰ। বিস্ফোৰণকেইটা পঞ্জাব প্রদেশৰ সেনা শিবিৰৰ কাষত হোৱা বুলি অনুমান কৰা হৈছে।
স্থানীয় সূত্রৰ দাবী, শিয়ালকোটৰ সেনাঘাটিত এই বিস্ফোৰণ হৈছে। প্রাথমিকভাবে অনুমান কৰা হৈছে, বিস্ফোৰণৰ ফলত সেনাঘাটিৰ অস্ত্রাগাৰত জুই লাগি যায়। প্রচণ্ড শব্দ আৰু তাৰ সৈতে জুইৰ শিখা ওলাই অহা প্ৰত্যক্ষ কৰে স্থানীয় লোকসকলে।
https://twitter.com/hitfitahlawat/status/1505422984512638982?t=84e1q6WCs782uxzfNEsLNg&s=19
স্থানীয় সংবাদপত্রৰ দাবী, ভুলক্রমে নিক্ষেপ কৰা কোনো ক্ষেপণাস্ত্রৰ পৰাই এই বিস্ফোৰণ কেইটা সংঘটিত হ’ব পাৰে। স্থানীয় সাংবাদিক ঋষি চুৰিয়ে টুইটত লিখে, ‘স্থানীয় শিয়ালকোট কেন্টনমেন্ট এলেকাযত প্রচণ্ড বিস্ফোৰণৰ শব্দ শুনা গৈছে। প্রাথমিকভাবে অনুমান কৰা হৈছে সেনাৰ অস্ত্রাগাৰত জুই লাগি গৈ থাকিব পাৰে। কাৰণ উক্ত এলেকাতেই সেনাৰ অস্ত্রাগাৰটি আছে।
https://twitter.com/hitfitahlawat/status/1505422984512638982?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1505422984512638982%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Fpakistan-massive-explosion-heard-in-sialkot-cannt-area-dgtl%2Fcid%2F1334522
বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট নহয়।’ সংবাদ সংস্থা এএনআইৰ মতে, বিস্ফোৰণৰ কাৰণ স্পষ্ট নহয়। এই প্রতিবেদন লিখা পর্যন্ত ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই। কিন্তু স্থানীয় সূত্রৰ দাবী, যেনেদৰে বিস্ফোৰণ হৈছে, তাত বৃহৎ ক্ষয়-ক্ষতিৰ আশঙ্কা কৰা হৈছে।













