![]()
নিউজ ডেস্কঃ
আলফা (স্বাধীন)ত যোগ দিছে অসমৰ আৰু পাঁচজন যুৱকে। আৰক্ষী সূত্র মতে, শিক্ষিত যুৱককেইজনে বিগত কেইটামান দিনত ঘৰ এৰি অৰুণাচল হৈ আলফাৰ শিবিৰত উপস্থিত হৈছে।
আৰক্ষীয়ে জনোৱা মতে, আলফাত যোগ দিয়া যুৱককেইজন হৈছে নগাঁৱৰ কামপুৰৰ তন্ময় বৰা, দীপঙ্কৰ গোৱালা, সুভাষ হীৰা। তিনিচুকীয়াৰ পৰা যোগ দিছে মাকুমৰ সেউজ মৰাণ আৰু মঙ্গলদৈৰ হীৰকজ্যোতি বৰাই। কামপুৰৰ তিনি যুৱক বাহিৰত কর্মৰত আছিল। এসপ্তাহ পূৰ্বে তেওঁলোক ঘৰলৈ উভটিছিল।
সুভাষৰ জন্মদিনৰ পার্টিলৈ যোৱাৰ নামত ওলাই গৈ তেওঁলোক আৰু উভতি নাহে। যুৱক তিনিজনৰ পৰিয়ালে আলফা প্রধান পৰেশ বৰুৱা আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ ওচৰত ল’ৰাকেইজনক উভতাই অনাৰ আবেদন জনাইছে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে ‘সৈনিক দিৱস’ৰ বিবৃতিত আলফা স্বাধীনৰ প্রধান পৰেশ বৰুৱাই কয়, “অসমৰ প্রতিগৰাকী পিতৃ-মাতৃয়ে স্বদেশ-স্বজাতিৰ অস্তিত্বৰ সঙ্কটৰ সময়ত অন্তত এজনকৈ সন্তানক মাতৃভূমিৰ সেৱাৰ বাবে পঠোৱা উচিত। মাতৃভূমিৰ সেৱা কৰি দেশপ্রেমৰ উজ্জ্বল নিদর্শন দাঙি ধৰাটো সময়ৰ দাবী।”













