![]()
নিউজ ডেস্কঃ
শনিবাৰে নতুন দিল্লীত চতুর্দশ বার্ষিক শীর্ষ সন্মিলনত উপস্থিত থাকে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু জাপানৰ প্রধানমন্ত্রী ফুমিও কিশিদা। বৈঠকৰ পিছত প্রধানমন্ত্রী কাৰ্যালয়ৰ দাবী, আলোচনা সফল। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জনাইছে, আগন্তুক পাঁচ বছৰত পাঁচ ট্রিলিয়ন ইয়েন অর্থাৎ ৩ লাখ ২০ হাজাৰ কোটি টকাৰ জাপানিজ বিনিয়োগ পাব ভাৰতে। বৈঠকৰ পিছত যৌথ বিবৃতি প্রকাশ কৰা হৈছে। জাপানিজ বিনিয়োগৰ লগতে চাইবাৰ নিৰাপত্তা, নগৰোন্নয়ন সংক্রান্ত তিনিখন চুক্তি স্বাক্ষৰ কৰিছে ভাৰত আৰু জাপানে। বৈঠকত কার্বন নিঃসৰণ কম কৰা সন্দৰ্ভতো আলোচনা কৰা হয়।
বৈঠকৰ পিছত মোদীয়ে কয়, “এতিয়াও সমগ্র বিশ্বই কোভিডৰ সৈতে যুঁজিছে। তাৰ উপৰি ভূকৌশলগত বিভিন্ন ঘটনা আমাৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে আৰু বাঢ়িছে। এই সঙ্কটৰ সময়ত আমাৰ সহযোগিতা আৰু গভীৰ কৰা প্রয়োজন।” ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবেও ভাৰত-জাপানে ঐক্যবদ্ধভাবে কাম কৰিব বুলি জনাইছে মোদীয়ে।













