![]()
মনোৰঞ্জনঃ
বলীউডৰ তিনিগৰাকী সুন্দৰ আৰু জনপ্ৰিয় অভিনেত্ৰীয়ে নিজকে কেনেদৰে সুন্দৰ কৰি ৰাখে, চাওচোন আহকঃ
ঐশ্বৰ্য্য ৰয়ঃ
ঘৰ নাইবা শ্বুটিং; মিছ ৱ’ৰ্ল্ড খ্যাত এই গৰাকী অভিনেত্ৰীৰ স্কিন সদায় জিলিকি থাকে। এই অভিনেত্ৰী গৰাকীয়ে ঘৰুৱা বস্তুৰ ওপৰত বিশ্বাস কৰে। তেওঁ প্ৰায় বেচন, হালধি আৰু গাখীৰৰ পেষ্ট বনাই মুখত লগায়। যিয়ে তেওঁৰ ছাল উজ্জ্বল কৰাত সহায় কৰে। লগতে, তেওঁ তিয়ঁহৰ পেষ্ট মুখত ঘঁহে; যিয়ে তেওঁৰ ছালটো ভাল কৰে।
২. মাধুৰী দীক্ষিতঃ
এইগৰাকী ডেনচিং কুইনক কেতিয়াও তেওঁৰ বয়স জোখাৰে ধৰিবই নোৱাৰি। মাধুৰীৰ চুলিৰ উজ্জ্বলতা অথবা ডাঠ চুলিৰ বাবে স্পটলাইটত অহা দেখা যায়। তেওঁ চুলিৰ বাবে এটা বাতিত অলিভ অইল, কাষ্টৰ অইল তথা আলমণ্ড অইল আৰু নাৰিকেল তেল মিহলাই সদায় চুলি গুৰিৰ পৰা শেষলৈ লগায়। তেওঁৰ নিজৰ ছালৰ বাবে প্ৰাকৃতিক বস্তুৰে তৈয়াৰী আহিলাৰে পেষ্ট বনাই সপ্তাহত দুবাৰকৈ লগায়।
৩. হেমা মালিনীঃ
৮০ দশকৰ অভিনেত্ৰী সকলৰ উজ্জ্বল আৰু সুন্দৰ চুলিয়ে হৈছে তেওঁলোকৰ প্ৰধান সৌন্দৰ্য্য। এনে অভিনেত্ৰীৰ ভিতৰৰ হেমা মালিনীৰ নাম উল্লেখযোগ্য। ৭৪ বছৰীয়া এই অভিনেত্ৰী গৰাকীয়ে নাৰিকল তেলৰ সৈতে আমলখি, তুলসী আৰু নিমৰ পাতৰ মিক্সাৰ বনাই গৰম কৰি তেওঁ নিজৰ চুলিত লগায়। তেওঁ বিশ্বাস কৰে যে, এই মিক্সাৰটোৱে বিভিন্ন বীজাণুৰ পৰা তেওঁৰ চুলিক বচাই ৰাখে।













