![]()
মনোৰঞ্জনঃ
বলীউড অভিনেত্ৰী কিয়াৰা আদৱানীয়ে প্ৰকাশ কৰিছে যে তেওঁ বলীউডৰেই জনপ্ৰিয় অভিনেত্ৰী জুহি চাওলাক সৰুৰে পৰা চিনি পায়৷ কেৱল সেয়াই নহয়, তেওঁ জুহি চাওলাৰ সন্তানৰ সৈতেও নৃত্য কৰিছে৷ এক সাক্ষাৎকাৰত কিয়াৰা আদৱানীয়ে জুহি চাওলাৰ পৰিয়ালৰ বিষয়ে কয়৷ এক অনুষ্ঠানত কিয়াৰা আদৱানীয়ে প্ৰকাশ কৰে যে, তেওঁৰ পিতৃ-মাতৃয়ে বহু তাৰকাক জানে যদিও শিশু অৱস্থাত জুহি চাওলাৰ বাহিৰে তেওঁ অন্য কোনো তাৰকাক লগ পোৱা নাই।
কিয়াৰা আদৱানীয়ে লগতে কয় যে, “জুহি চাওলা এগৰাকী অতি নম্ৰ মহিলা আৰু তেওঁক কেতিয়াও এগৰাকী ডাঙৰ চলচ্চিত্ৰ অভিনেত্ৰী যেন নালাগিছিল৷ তেওঁ আমাৰ পিতৃ-মাতৃৰ দৰে আছিল৷ তেওঁক জন্মদিনৰ পাৰ্টিত লগ পাইছিলো আৰু তেওঁৰ সন্তানৰ সৈতে নৃত্যও কৰিছিলোঁ।”
কিয়াৰা আদৱানীয়ে আজিকালি প্ৰেমিক সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে৷ যদিও দুয়োজনে এতিয়ালৈকে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই, দুয়োকে কেইবাবাৰো একেলগে দেখা গৈছে৷













