![]()
নিউজ ডেস্কঃ
গুৱাহাটী মহানগৰী পল্টনবজাৰৰ বিশাল মেগা মাৰ্টৰ সন্মুখত মটৰ চাইকেল আৰোহীক আৰক্ষীয়ে দলবদ্ধ প্ৰহাৰ কৰা ঘটনাই তীব্ৰ জোকাৰণি সৃষ্টি কৰিছে অসম আৰক্ষীৰ শীৰ্ষমহলত।
কণমানি শিশু আৰু পত্নীসন্মুখত বৰ্বভাৱে কৰ্তব্যৰত আৰক্ষীয়ে আক্ৰমণ কৰা ভিডি’অ সামাজিক মাধ্যমত ভাইৰেলৰ পিছতে বিভিন্ন জনে কটুভাৱে সমালোচনা কৰিছে অসম আৰক্ষীক।মটৰ চাইকেল আৰোহী গৰাকীক আক্ৰমণ কৰা অভিযুক্ত কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ জোঁৱান ফকৰুদ্দিন আহমেদক নিলম্বনৰ নিৰ্দেশ অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।গুৱাহাটী আৰক্ষী আয়ুক্তক অভিযুক্ত জোঁৱান গৰাকীক নিলম্বন কৰা নির্দেশ ভাস্কৰ জ্যোতি মহন্ত।
তাপৰ্যপূৰ্ণ মটৰ চাইকেল আৰোহি জনক কেৱল জোঁৱান গৰাকীয়ে প্ৰহাৰ কৰিছিল তেনে নহয় তাত থকা বহুকেইজন আৰক্ষী বিষয়া-জোঁৱানে প্ৰহাৰ কৰিছিল।সেই ভিডি’অ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।কিন্তু ৰহস্যজনক ভাৱে কেৱল এগৰাকী আৰক্ষীকহে বৰ্তমান নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে।উল্লেখ্য যে বৃহস্পতিবাৰে সংঘটিত হৈ এই ঘটনা।













