![]()
নিউজ ডেস্কঃ
ভাৰতলৈ ফুৰিবলৈ আহি ধর্ষণৰ অভিযোগ তুলিলে নেদাৰলেণ্ডৰ এগৰাকী যুৱতীয়ে। তেওঁৰ অভিযোগৰ ভিত্তিত কেৰালাৰ এজন যুৱকক জয়পুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ সূত্র মতে, কিছুদিন পূৰ্বে ৰাজস্থানলৈ ফুৰিবলৈ আহিছিল নেদাৰলেণ্ডৰ যুৱতীগৰাকী। আছিল ৰাজধানী জয়পুৰৰ এখন হোটেলত। উক্ত হোটেলখনতে আয়ুর্বেদিক মাছাজ ল’বলৈ গৈছিল অভিযোগকাৰী। তাত তেওঁক এজন কর্মচাৰীয়ে ধর্ষণ কৰাৰ অভিযোগ।
ঘটনাৰ পিছত সিন্ধি কেম্প থানাৰ আৰক্ষীৰ দ্বাৰস্থ হয় নির্যাতিতা। তেওঁৰ অভিযোগৰ পৰিপ্রেক্ষিতত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। ইয়াৰ পিছত ধর্ষণৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ কৰা বুলি খবৰ। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই হোটেলখনত দীর্ঘদিন ধৰি কাম কৰিছিল। তেওঁ কেৰালাৰ বাসিন্দা। ঘটনাৰ তদন্ত আৰক্ষীয়ে আৰম্ভ কৰিছে।













