ASSAM TIMES POST
নতুন দিল্লীঃ দেওবাৰৰপৰা আৰম্ভ হোৱা নৱৰাত্ৰি উপলক্ষে দেশবাসী দুৰ্গা দেৱীৰ আৰাধনাত ব্যস্ত হৈ পৰিছে। ইয়াৰ মাজতে গুজৰাটৰ চুৰাটত কেইবাগৰাকীও মহিলাই তেওঁলোকৰ পিঠিত ‘কাৰেন্ট এফেয়াৰ্ছ’ৰ ছবি অংকন কৰি লোৱাৰ দৃশ্য সকলোৱে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে।
কোনোবা গৰাকীয়ে যদি পিঠিত চন্দ্ৰায়ন-২ অংকন কৰি লৈছে, আন কোনো গৰাকীয়ে আকৌ নতুন যান-বাহন আইনৰ প্ৰতিনিধিত্বমূলক ছবি। আন কোনোবা গৰাকীয়ে যদি এবাৰ ব্যৱহৃত প্লাষ্টিক বৰ্জনৰ বাবে সজাগতামূলক ছবি অংকন কৰি লৈছে, আন কোনোবাগৰাকীৰ পিঠিত স্থান পাইছে ৰাফেল বিমানে।
শেহতীয়াকৈ ইয়াৰ কেইবাগৰাকীও মহিলাই পিঠিত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ছবিও অংকন কৰি লৈছে। উল্লেখ্য যে শেহতীয়াভাৱে মোডীৰ আমেৰিকা ভ্ৰমণত ট্ৰাম্পে তেওঁক কৰা উচ্চ প্ৰশংসাৰ বাবেই মহিলাৰ পিঠিত দুযো স্থান লাভ কৰিছে।










