ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত কবি হৰিভক্ত কটুৱালৰ ৮৪ সংখ্যক জন্মজয়ন্তী উদযাপনঃ বহুভাষিক কবি সন্মিলন, ৪০ কৃতি ছাত্ৰ-ছাত্ৰীলৈ সম্বৰ্ধনা জ্ঞাপন

ASSAM TIMES POST by ASSAM TIMES POST
July 11, 2019
Reading Time: 1 min read
A A
0
বোকাখাতত কবি হৰিভক্ত কটুৱালৰ ৮৪ সংখ্যক জন্মজয়ন্তী উদযাপনঃ বহুভাষিক কবি সন্মিলন, ৪০ কৃতি ছাত্ৰ-ছাত্ৰীলৈ সম্বৰ্ধনা জ্ঞাপন

হৰিভক্ত কটুৱালৰ জন্ম জয়ন্তী উদযাপন

RELATED POSTS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

ডিজিটেল সংবাদ, ASSAM TIMES POST (অজন্তা তালুকদাৰ)বোকাখাটঃ বোকাখাতত অসম নেপালী সাহিত্য সভাৰ বোকাখাত জিলা সমিতিৰ উদ্যোগত আৰু পুৱতি সাহিত্য সভাৰ সহযোগত ষাঠিৰ দশকৰে অসমৰ জাতীয় সংগীত নেপালী ভাষালৈ অনুবাদ কৰা অসমীয়া নেপালী সাহিত্যৰ কবি, গীতিকাৰ, লেখক হৰিভক্ত কটুৱালৰ ৮৪  সংখ্যক জন্মজয়ন্তী ২ জুলাই তাৰিখে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে পুৱতিৰ সভাপতি অপূৰ্ব বৰদলৈ আৰু নেপালী সাহিত্য সভাৰ বোকাখাত জিলা সমিতিৰ সভাপতি মোহন চেত্ৰীয়ে ।

বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই । স্মৃতি তৰ্পন কৰে পুৱতিৰ প্ৰাক্তন সভাপতি মনোৰঞ্জন সেন আৰু চৈতে দশৈ মহোৎসৱৰ বোকাখাতৰ সংস্থাপক সম্পাদক মুক্তি চেত্ৰীয়ে। বহুভাষিক কবি সন্মিলনৰ সঞ্চালনা কৰে বিশিষ্ট লেখক অনুবাদ সাহিত্যৰ বঁটা প্ৰাপক জ্ঞান বাহাদুৰ চেত্ৰীয়ে। সন্মিলন উদ্বোধন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ উপ সভাপতি কল্পনা চেতিয়াই । আমন্ত্ৰিত কবি হিচাপে উপস্থিত থাকি কবি নিজৰা বৰঠাকুৰ , পদুমী গাজলু , অজিত গগৈ আৰু এনিশা ঘিমিৰে কবিতা পাঠ কৰে । কবি সন্মিলনত কবিতা পাঠ কৰে অপূৰ্ব বৰদলৈ , তৰুণ দলে , অমৰ শৰ্মা , মনালিছা শইকীয়া, ৰীণা কটকী, পপী শইকীয়া , চন্দ্ৰপ্ৰভা শইকীয়া ডেকা , দৃষ্টিৰূপা বৰদলৈ, বিষ্ণু থাপা , পংকজ কালিন্দী , ঊষাজোন ফুকন , কুঞ্জলতা দাস, প্ৰিয়াংশু প্ৰাঞ্জল , গীতাঞ্জলী কলিতা , ডঃ চিন্তামণি শৰ্মা , সীতাংসু বৰকটকী, নমিতা বৰাই অসমীয়াত, অজন্তা তালুকদাৰে ইংৰাজী আৰু অসমীয়াত , দিব্যা কটুৱাল, তিলো চেত্ৰী, লীলানাথ শৰ্মা , লীলানাথ উপাধ্যায়, অনিতা পৌৰেল , এনিশা ঘিমিৰে , তিলক শৰ্মাই নেপালী ভাষাত আৰু কবি পদুমী গাজলুৱে চাহজনগোষ্ঠীয় ভাষাত কবিতা পাঠ কৰে ।

                                                হৰিভক্ত কটুৱালৰ জন্ম জয়ন্তী উদযাপন

কবি সন্মিলনত অতুল বেজবৰুৱা, প্ৰহ্লাদ চেত্ৰী , মুন কলিতা , কাকলি গোস্বামী আৰু মিনাক্ষী নাথে গীত পৰিবেশন কৰে । দিনৰ ১ বজাত বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ আৰু মোহন ছেত্ৰীৰ পৰিচালনাত মুকলি সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই আঁট ধৰা মূল সভা উদ্বোধন কৰে অসম নেপালী সাহিত্য সভাৰ মাণ্ডলিক সম্পাদক তিলক শৰ্মাই। নিৰ্দিষ্ট বক্তা অসম নেপালী সাহিত্য সভাৰ উপসভাপতি তথা নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড° চিন্তামনি শৰ্মাই কবি হৰিভক্ত কটুৱালৰ জন্ম জয়ন্তী অসম সাহিত্য সভা আৰু অসম নেপালী সাহিত্য সভাই যুটীয়াভাৱে পালন কৰা কাৰ্যই সমন্বয়ৰ বাট অধিক কটকটীয়া কৰিব বুলি উল্লেখ কৰি এই দিনটো এক ইতিহাস  আখ্যা দি বোকাখাত পুৱতি সাহিত্য সভালৈ ধন্যবাদ জ্ঞাপন কৰে।

বিশিষ্ট অতিথি বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য হোমেন হাজৰিকা, প্ৰজাতীয় মৈত্ৰী বন্ধন উপসমিতি, অসম সাহিত্য সভাৰ আহ্বায়ক যাদৱ শৰ্মা,  গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি সুৰেন্দ্ৰ নাথ হাজৰিকা, সুবৰ্ণ শইকীয়া বৰদলৈ, ভবানন্দ কলিতা, গুণ বাহাদুৰ ছেত্ৰী, লীলা নাথ উপাধ্যায়, পদ্ম কেশৰ ছেত্ৰী, অমৰ শৰ্মা, চন্দ্ৰ শৰ্মা, ইন্দ্ৰজিত বাবাজী, নৰপতি শৰ্মা, উৎপল বৰদলৈ, কালিদাস উপাধ্যায় আদি ব্যক্তি সকল উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

সন্মানীয় অতিথি হিচাপে মৈত্ৰী বন্ধন উপসমিতিৰ উপসভাপতি চিৰাজ খান, সদস্য চিৰঞ্জীৱ বৰুৱা আৰু লক্ষেশ্বৰ বৰা উপস্থিত থাকে। সভাৰ মাজতে ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নেপালী সম্প্ৰদায়ৰ প্ৰায় ৪০ গৰাকী ছাত্ৰ ছাত্ৰীলৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮০ তকৈও অধিক নম্বৰ প্ৰাপ্ত ৩৯ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয়।

সভাতে ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বোকাখাতৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰা বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলৰ ছাত্ৰী প্ৰয়াসী গোস্বামীক সম্বৰ্দ্ধনা জনোৱা হয়। সভাৰ শেষত সঞ্চালকদ্বয়ে মন্তব্য দিয়াৰ পিছতে শলাগৰ শৰাই আগবঢ়ায় ক্ৰমে অসম নেপালী সাহিত্য সভা, বোকাখাত জিলা সমিতিৰ সম্পাদক শ্যামলাল পোখ্ৰেল আৰু বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share5Tweet3Send

Related Posts

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
51
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
50
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
53
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026
53
JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত
National-International

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

September 12, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d