নিউজ ডেস্কঃ
চন্দ্রযান–২ৰ অভিযান বিফল হোৱাৰ পিছত এইবাৰ চন্দ্রযান–৩ সকলো বাধা নেওচি চন্দ্ৰৰ বুকুলৈ ছাপলি মেলাৰ উদ্দেশ্যে প্রস্তুত হৈছে। চলিত বছৰৰ আগষ্টতেই হ’ব চন্দ্রযান–৩ অভিযান। দেশৰ মহাকাশ বিভাগে লোকসভাত এইকথা জনাইছে। বৃহস্পতিবাৰে এক লিখিত উত্তৰত কোৱা হয়, সকলো পৰীক্ষা–নিৰীক্ষা প্রায় সম্পূর্ণ। ২০২২ চনৰ আগষ্টতেই উৎক্ষেপণ কৰা হ’ব চন্দ্রযান-৩। অতিমাৰিৰ পৰিবেশৰ বাবেই অভিযানত বিলম্ব হোৱা বুলি জনাইছে বিজ্ঞান আৰু প্রযুক্তিমন্ত্রী ডঃ জিতেন্দ্র সিঙে। তেওঁ লগতে কয়, এই বছৰত ৮টা লঞ্চ ভেহিকল মিছন, ৭টা মহাকাশযান মিছন আৰু ৪টা প্রযুক্তি প্রদর্শনকাৰী মিছনৰ লক্ষ্য ৰাখিছে ইছৰোই।
আনহাতে, ইছৰোই জনোৱা মতে, নতুন চন্দ্রযানত লেণ্ডাৰ, ৰ’ভাৰ থাকিব যদিও অৰবিটাৰ নাথাকিব।