![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
যান-বাহনৰ কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগে আৰম্ভ কৰিব অপাৰেচন ছাৰখাৰ। গুৱাহাটী মহানগৰী এবিচি পইণ্টত গাড়ী গৰাকীসকলক সজাগ কৰা বাবে কামৰূপ(ম) জিলা পৰিবহণ বিভাগে আজি আয়োজন কৰে বিশেষ সজাগতামূলক অভিযান। কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ (ম) জিলা পৰিবহন বিষয়া গৌতম দাস। উল্লেখ্য যে, ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চ ভিতৰত কৰ আদায় সময় নিৰ্ধাৰণ কৰিছে পৰিবহণ বিভাগে। জিলাখনৰ বহুসংখ্যক বাহনে কৰ পৰিশোধ কৰিবলৈ থকা বুলি কয় বিষয়া দাসে। বিশেষকৈ ব্যৱসায়িক বাহন, প্ৰতিষ্ঠাৰ বাহনসমূহে দিবলৈ আছে কৰ।
ফেব্ৰুৱাৰী মাহতো কৰ সংগ্ৰহৰ বিশেষ মাহ হিচাপে লক্ষ বান্ধি লোৱা বুলি উল্লেখ কৰি দাসে কয়- কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে কঠোৰ হ’ব যদি নিৰ্দিষ্ট সময়ত কৰ আদায় নিদিয়ে। কৰ আদায় দিবলৈ থকা বাহনসমূহক ডিমাণ্ড নটিছ জাৰি কৰিছে। ১০০ কোটি কৰ সংগ্ৰহৰ লক্ষ্য বিভাগৰ।
কৰ পৰিশোধ নকৰা বাহন জব্দ হোৱা উপৰিও গৰাকীৰ বিৰুদ্ধে এজাহৰ পৰ্যন্ত দাখিল হ’ব বুলি দাসে কয়।













