![]()
ছাইদুল ইছলাম
ডিফু : ঐতিহ্যমণ্ডত ডিফু ক্লাবে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত সদৰ্পে গৌৰৱোজ্বল ৬৮ বছৰ অতিক্ৰম কৰিলে ৷ এই উপলক্ষে আজি পুৱাৰে পৰা ডিফু ক্লাবত ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰে ডিফু ক্লাব কৰ্তৃপক্ষই ৷ পুৱাৰ ভাগত ডিফু ক্লাৱৰ সভাপতি কৰেণ দাসে ক্লাৱৰ পতাকা উত্তোলন কৰে ৷ স্মৃতি তৰ্পন কৰে ডিফু ক্লাৱৰ কাৰ্যকৰী সভাপতি ধনী কলিতাই ৷ ইয়াৰ পিছত ক্ৰমান্বয়ে ডিফু ক্লাব চৌহদত পুষ্প বৃক্ষৰোপন আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰাৰ লগতি আমন্ত্ৰিত অতিথিসকলক আপ্যায়ন কৰা হয় বুলি ডিফু ক্লাবৰ সম্পাদক দিলীপ কুমাৰ দাসে সাংবাদিকক জানিবলৈ দিছে ৷
ইয়াৰোপৰি ডিফু ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰয়াত বল বাহাদুৰ ছেত্ৰী সোঁৱৰণি প্ৰাইজমনি টেবুল টেনিচ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ প্ৰতিযোগিতাটি উদ্ধোধন কৰে ক্ৰমে, ডিফু ক্লাবৰ প্ৰাক্তন উপ-সভাপতি পাৰি ৰংপি আৰু ডিফু চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিৰ্মল ছেত্ৰীয়ে৷












