![]()
নিউজ ডেস্কঃ
পত্নী আৰু তেওঁৰ অবৈধ প্রেমিকৰ সন্ধানত উত্তৰাখণ্ডৰ নাইনিতালৰ পৰা আহি ৰাজস্থানৰ জয়পুৰত উপস্থিত হৈছিল স্বামী। তাত আহি একেবাৰে হাতে-লোটে ধৰা পেলায় দুয়োকে। চকুৰ সন্মুখথ প্রেমিকাৰ স্বামীক দেখি ভয়তে জাঁপ দি ছয় মহলীয়া অট্টালিকৰা পৰা। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় তেওঁৰ।
আৰক্ষী সূত্ৰ মতে, মৃতকৰ নাম মহচিন (২৯)। তেওঁ উত্তৰ প্রদেশৰ বাসিন্দা। নাইনিতালত এগৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পর্ক গঢঞি উঠে মহচিনৰ। মহিলাগৰাকীৰ এটি শিশুকন্যাও আছে। দুবছৰ পূৰ্বে মহিলাগৰাকীক তেওঁৰ সন্তানৰ সৈ তেপলুৱাই আনে মহচিনে। মহিলাগৰাকীৰ স্বামীয়ে যাতে কোনো কাৰণতে তেওঁলোকৰ সন্ধান নাপায় তাৰ বাবে সঘনাই ঠাই সলাই ফুৰিছিল মহচিনে। অৱশেষত জয়পুৰৰ প্রতাপ নগৰত গৈ এটি ফ্লেট ভাড়া কৰি তাতেই তিনিওজনে থাকিবলৈ লৈছিল।
কিন্তু তেওঁলোকৰ নতুন ঠিকনাৰ সন্ধান যে প্রেমিকাৰ স্বামীয়ে পাব সেইটো কল্পনাও কৰিব পৰা নাছিল মহচিনে। দেওবাৰে তেওঁলোক তিনিওজনেই ফ্লেটটোত থকাৰ সময়তে উপস্থিত হয় মহিলাগৰাকীৰ স্বামী। এনে পৰিস্থিতিৰ বাবে প্রস্তুত নাছিল মহচিন। প্রেমিকাৰ স্বামীৰ হাতৰ পৰা বাচিবলৈ ফ্লেটৰ বাৰান্দাৰ পৰা তললৈ জাঁপ দিয়ে তেওঁ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত তেওঁক হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
ইফালে ঘটনাটোৰ পিছৰ পৰাই মহিলাগৰাকী আৰু তেওঁৰ স্বামী পলাতক। তেওঁলোকৰ সন্ধানত তালাচী চলাই আছে আৰক্ষীয়ে। আনহাতে, মহচিনৰ মৃতদেহৰ পোষ্টমৰ্টেম কৰি পৰিয়ালৰ হাতত তুলি দিয়া হৈছে।













