নিউজ ডেস্কঃ
হেঁপাহেৰে কিনা স্কুটিখনেই এতিয়া সকলোতকৈ ডাঙৰ সমস্যা হৈ দেখা দিছে এগৰাকী যুৱতী আৰু তেওঁৰ পৰিয়ালৰ। পিছে সেয়া কোনো যান্ত্রিক বিজুতি বা কাগজ-পত্ৰৰ বাবে নহয়। যিটো সমস্যাৰ বাবে যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ ঘৰৰ পৰা ওলোৱাটোৱেই টান হৈ পৰিছে সেয়া শুনিলে হতবাক হ’ব।
এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্রতিবেদন অনুযায়ী, কলেজলৈ যোৱাৰ বাবে দিল্লীৰ এগৰাকী যুৱতীক পিতৃয়ে এখন স্কুটি কিনি দিছিল। তেতিয়ালৈকে ঠিকেই আছিল। কিন্তু স্কুটিখনৰ নম্বৰ প্লেট অহাৰ পিছতেই সকলো আনন্দ যেন এক মুহূর্ততেই উৰি যায়। স্কুটিৰ যি নম্বৰ প্লেট যুৱতীগৰাকীয়ে পাইছিল তাত সংখ্যাৰ সৈতে ইংৰাজীত লিখা আখৰে এক দ্বৈত অৰ্থ প্ৰকাশ কৰে৷ তাত লিখা আছে DL 3 SEX…অৰ্থাৎ ছেক্স। এই নম্বৰ প্লেট গাড়ীত লগোৱাৰ পিছতে অথন্তৰ সৃষ্টি হয়। এনে এটি শব্দ স্কুটিত লিখা দেখি ওচৰ-পাজৰৰ লোকসকলেও আনকি তেওঁক কটাক্ষ কৰিবলৈ আৰম্ভ কৰে বুলি অভিযোগ।
যিখন স্কুটি লৈ কলেজলৈ যোৱাৰ প্রস্তুতি চলাইছিল, এতিয়া সেইখন ৰাখিবলগা হৈছে গৃহবন্দী কৰি। যুৱতীগৰাকী আৰু পৰিয়ালৰ তৰফৰ পৰা গাড়ীৰ নম্বৰ প্লেট সলনিৰ বাবে আবদনো জনায় যদিও সেয়া সলোৱা সম্ভৱ নহয় বুলি জনায়। কিয়নো এবাৰ ওলাই যোৱা গাড়ীৰ নম্বৰ সলনি কৰাৰ কোনো আইন এই পর্যন্ত নাই।
ফলত উক্ত ‘SEX’ নম্বৰ প্লেটেই এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে দিল্লীৰ যুৱতীগৰাকীৰ।