ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : যোৱা সোমবাৰে যোৰহাটত দিন দুপৰতে আছু নেতা অমিনেশ ভূঞাক গণপ্ৰহাৰ কৰি নিৰ্দয় হত্যা কাণ্ডকলৈ ৰাজ্যজুৰি তোলপাৰ হোৱাৰ লগতে পাহাৰীয়া জিলা কাৰবি আংলঙতো ইয়াকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
এইলৈ কাৰবি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে আজি সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাৰ ডিফু আঞ্চলিকৰ উদ্যোগত ডিফু ছেমছনছিং সোৱৰণী উদ্যাণত এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ আছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যিৰ্বাহক সদস্য ছৰ্জোন হাঞ্চেৰ উপস্থিতিত আছুৰ সদস্য কৰ্মী সকলে গণ উন্মাদনাৰ বলি হোৱা আছুৰ নিষ্ঠাবান নেতা অমিনেশ ভূঞাৰ আত্মাৰ সদ্গতিৰ বাবে বন্তি প্ৰজলন কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ছৰ্জোন হাঞ্চেই কয়যে, অমিনেশ ভূঞাৰ দৰে এজন নিষ্ঠাৱান কৰ্মী গণপ্ৰহাৰত মৃত্যু ঘটনা নিন্দনীয় ৷ চৰকাৰে সাধাৰণ জনতাৰ নিৰাত্তা প্ৰদানত ব্যৰ্থ হৈছে ৷ গণপ্ৰহাৰত জড়িত ৫০ জনতকৈ অধিকলোক থকাৰ পিছতো মাত্ৰ তেৰ জনকহে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱাটো মানি লব নোৱাৰি ৷
অমিনেশ ভূঞা হত্যাকাণ্ডৰ ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ সম্পন্ন কৰিবলৈ দাবী জনায় লগতে ফাৰ্ষ্ট ট্ৰেক আদালতত কিমান দিনত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হব তাৰ সময় সীমা বান্ধি দিবলৈ দাবী জনায় নেতা গৰাকীয়ে ৷ অন্যথা সদৌ অসম ছাত্ৰ সন্থা ক্ষান্ত নহয় বুলি হুংকাৰ দিয়ে নেতা গৰাকীয়ে ৷
আজিৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত আছু ডিফু আঞ্চলিকৰ সভাপতি দিপজ্যোতি মালি আৰু উপদেষ্টা নেকিব আহমেদেৰ লগতে সদস্য সকল উপস্থিত থাকি প্ৰয়াত আছু নেতা গৰাকীৰ আত্মাৰ সদ্গতি কামনাৰে এগছিকৈ বন্তি প্ৰজলন কৰে ৷