স্বাস্থ্য প্ৰতিবেদন:
কাৰোবাৰ যদি বদহজমৰ দীর্ঘদিনীয়া সমস্যা থাকে বা অন্য যিকোনো ধৰণৰ পেটৰ সমস্যা থাকে, তেনেহ’লে খাদ্য খোৱাৰ পিছত কেইমিনিটমান খোজকাঢ়ক৷ ইয়াৰ পৰাই লাভ কৰিব উপকাৰ৷
কেনেদৰে?
পেটলৈ খাদ্য যোৱাৰ পিছৰ পৰাই শৰীৰে কাম কৰা আৰম্ভ কৰি দিয়ে। খাদ্যৰ যথেষ্ট পৰিমাণৰ অংশ পেটৰ পৰা ক্ষুদ্রান্ত্র পর্যন্ত গুচি যায়। বহু গৱেষণাই কৈছে, খোৱাৰ পিছত খোজকাঢ়িলে পেটৰ পৰা ক্ষুদ্রান্ত্র পৰ্যন্ত খাদ্য সোনকালে গৈ পাব।
যিমান সোনকালে এইটো হ’ব, সিমানে গেছ, পেটত বিষ, এচিডিটীৰ দৰে সমস্যা কম দেখা যাব। গৱেষণাই এয়াও কৈছে যে খোৱাৰ পিছত ৩০ মিনিট খোজকাঢ়িলে আৰু নিয়মিত লঘু ব্যায়াম কৰিলে কোষ্ঠকাঠিন্যৰ সমস্যা বহুখিনি কমি যায়।
কাৰ বাবে বেছি উপকাৰী?
কেৱল হজমৰ ক্ষেত্রতেই নহয়, যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে, তেওঁলোকৰ পক্ষেও খোৱাৰ পিছত খোজকাঢ়াটো অত্যন্ত উপকাৰী। নিউজীলেণ্ডৰ ওটাগো বিশ্ববিদ্যালয়ৰ এদল গৱেষকে এই বিষয়ত জনাইছে, যিসকলৰ টাইপ টু ডায়েবেটিছ আছে, তেওঁলোকে খোৱাৰ পিছত ৩০ মিনিট খোজকাঢ়িলে ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণ কৰাত সহায় কৰে।
বিশেষকৈ যদি খাদ্যত কার্বোহাইড্রেটৰ পৰিমাণ বেছি থাকে। পেটলৈ খাদ্য গ’লে শৰীৰে তাৰ পৰা গ্লুকোজ প্ৰস্তুত কৰে। যিয়ে মূলত আমাৰ শৰীৰত শক্তিৰ যোগান ধৰে। কিন্তু খোৱাৰ পিছত ৰক্তত সেই গ্লুকোজৰ মাত্রা বেছি হৈ যায় কিছু সময়ৰ বাবে।
সেয়ে শৰীৰত ইনছুলিন তৈয়াৰ হয় যাতে এই গ্লুকোজ শৰীৰৰ বিভিন্ন কোষলৈ সঠিকভাৱে যাব পাৰে। কিন্তু ডায়েবেটিছৰ ৰোগীসকলৰ ক্ষেত্রত এই ইনছুলিনৰ কার্যকাৰিতা প্রয়োজন অনুযায়ী নাথাকে। ফলত ৰক্তত শর্কৰাৰ মাত্রা বাঢ়ি যায়। সুস্থ হৈ থাকিবলৈ বিচাৰিলে, যদি এই সময়ত খোজকঢ়া যায়, তেনেহ’লে এই বৰ্ধিত গ্লুকোজ শৰীৰে ব্যৱহাৰ কৰিব পাৰে।ফলত ৰক্তত শর্কৰাৰ মাত্রাও নিয়ন্ত্রণত থাকে।
কিমান সময় পিছত?
কিন্তু মনত ৰাখিব লাগিব যে খোৱাৰ ঠিক পিছতেই যদি খোজকাঢ়িবলৈ আৰম্ভ কৰে তেনেহ’লে এচিডিটীৰ সমস্যা হ’ব পাৰে। সেয়ে দুপৰীয়া বা নিশাৰ খাদ্য খোৱাৰ পিছত অন্তত ৩০-৪০ মিনিট বিৰতি দিব পাৰিলে বেছি উপকৃত হ’ব।