স্বাস্থ্য প্ৰতিবেদন:
ইমিউনিটি শক্তিশালী আৰু ওজন হ্রাস কৰিবলৈ ৰঙালাও এক ভাল বিকল্প। ৰঙালাওত থকা ভিটামিন এ, কেৰোটিন, জেনথিন আৰু জেক্সানথিনে সংক্রমণত যুঁজিবলৈ, ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত আৰু দ্রুততাৰে পুনৰুদ্ধাৰত সহায় কৰে।
বংগৰ প্ৰসিদ্ধ ডায়েট বিশেষজ্ঞ ডাঃ ৰঞ্জনা সিঙৰ মতে, ৰঙালাওত পোৱা ভিটামিন বি আৰু বি-৬য়ে শৰীৰত প্রদাহ কমোৱাত সহায় কৰে।
ৰঙালাওত প্রচুৰ পৰিমাণে আয়ৰন আছে।
আয়ৰন এটি প্রয়োজনীয় উপাদান আৰু আমি ইয়াক আমাৰ খাদ্যৰ পৰাই পাওঁ। আয়ৰনৰ কম মাত্রা ৰক্তহীনতাৰ কাৰণ হ’ব পাৰে, যাৰ বাবে কম শক্তিৰ স্তৰ, মূৰ ঘূৰণি, ছাল আৰু নখ হালধিয়া কৰাৰ দৰে সমস্যা দেখা দিব পাৰে। এনে পৰিস্থিতিত ৰঙালাওৱে দেহত আয়ৰনৰ ঘাটি পূৰণ কৰে।
ৰঙালাওৰ অন্যান্য সুবিধা :
ৰঙালাওত ভিটামিন এ প্রচুৰ পৰিমাণে পোৱা যায় যিটো চকুৰ বাবে অতি উপকাৰী বুলি ভবা হয়। ৰঙালাও পুষ্টি গুণেৰে সমৃদ্ধ, যিয়ে বয়সৰ লগে লগে চকুৰ যত্ন কৰে।
ৰঙালাওত পোৱা বিটা কেৰোটিন ভিটামিন-এলৈ ৰূপান্তৰিত হৈ শ্বেত ৰক্ত কণিকা উৎপাদন আৰম্ভ কৰে যিয়ে সংক্রমণৰ বিৰুদ্ধে যুঁজাত সহায় কৰে।
ৰঙালাওৰ গুটিৰ এক কাপৰ এক চতুর্থাংশই আমাৰ প্রতিদিনৰ মেগনেছিয়ামৰ প্রয়োজনীয়তা পূৰণ কৰে। হার্টক স্বাস্থ্যকৰ আৰু সচল ৰখাত ই অতি উপকাৰী। ই ৰক্তচাপ নিয়ন্ত্রণত সহায়ক।