নিউজ ডেস্কঃ
গ্ৰেপ্তাৰ হ’ল মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ৷ বিত্তীয় দুর্নীতিৰ অভিযোগত দেশমুখক গ্রেপ্তাৰ কৰে ইডিয়ে। এনচিপিৰ এই ৰাজনৈতিক নেতাজনক সোমবাৰে মুম্বাইৰ কাৰ্যালয়ত প্রায় ১২ ঘণ্টা ধৰি জেৰাৰ পিছত সন্তোষজনক উত্তৰ নোপোৱাত নিশাই তেওঁক গ্রেপ্তাৰ কৰে ইডিয়ে।
অবৈধ বিত্তীয় লেনদেন, মুম্বাইৰ শীর্ষ আৰক্ষী বিষয়াৰ জৰিয়তে চান্দা তোলাৰ অভিযোগ দেশমুখৰ বিৰুদ্ধে। এই অভিযোগক কেন্দ্ৰ কৰি বিতর্ক আৰম্ভ হওঁতেই চলিত বছৰত তেওঁ মহাৰাষ্ট্র চৰকাৰৰ গৃহমন্ত্ৰীৰ পৰা ইস্তফাও দিয়ে।
উল্লেখ্য, যে মুকেশ আম্বানিৰ মুম্বাইৰ বাসগৃহৰ কিছু দূৰৈত বোমাতঙ্কৰ ঘটনাৰ তদন্তকাৰী প্রাক্তন আৰক্ষী বিষয়া পৰমবীৰ সিঙে তেওঁৰ ওপৰত আৰক্ষীৰ জৰিয়তে চান্দা সংগ্ৰহৰ অভিযোগ তুলিছিল৷ তেওঁৰ অভিযোগ আছিল, আৰক্ষীক ব্যৱহাৰ কৰি প্রতি মাহে ১০০ কোটি টকা পর্যন্ত চান্দা আদায় কৰে দেশমুখে। কিন্তু বোমাতঙ্কৰ ঘটনাৰ তদন্তৰ ভাৰ তেওঁৰ পৰা আঁতৰাই নিয়াৰ কিছু দিন পিছতেই দেশমুখৰ বিৰুদ্ধে মুখ খোলে পৰমবীৰে। অৱশ্যে এই অভিযোগ নস্যাৎ কৰি পৰমবীৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰ ভাবুকি দিছিল দেশমুখে।