নিউজ ডেক্স:
দেওবাৰে টি-২০ বিশ্বকাপৰ সকলোতকৈ গুৰুত্বপূর্ণ মেচ খেলিবলৈ আগবাঢ়িছে ভাৰত আৰু নিউজিলেণ্ডে। মেচখনত যিটো দলেই জয়ী হ’ব তেওঁলোকেই ছেমি ফাইনেলৰ দিশে আৰু এখোজ আগবাঢ়িব। বৰ্তমান এই খেলৰ ফালে নজৰ থাকিব সমগ্ৰ বিশ্বৰ ক্রিকেটপ্রেমীৰ।
আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা ডুবাই আন্তর্জাতিক ষ্টেডিয়ামত আৰম্ভ হ’ব খেল।
আনহাতে, আইচিচি বিশ্বকাপত এতিয়ালৈকে নিউজিলেণ্ডক পৰাস্ত কৰিব পৰা নাই ভাৰতে। তাৰ উপৰি দুয়োটা দলে নিজৰ প্ৰথমখন মেচত পাকিস্তানৰ হাতত পৰাস্ত হৈছে। সেয়ে দুয়োটা দলেই তীব্ৰ চাপ লৈ খেলিব লাগিব।