ASSAM TIMES POST
নতুন দিল্লীঃ দেশৰ নিৰ্বাচন আয়োগে শনিবাৰে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ বিধান সভা নিৰ্বাচনৰ দিন-বাৰ ঘোষণা কৰে। দুয়োখন ৰাজ্যৰে এই সময়সূচী একে। সেই অনুসৰি, ২১ অক্টোবৰত দুয়োখন ৰাজ্যতে এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।
সমান্তৰালভাৱে, ভোট গণনা ২৪ অক্টোবৰত। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ৪ অক্টোবৰ। ইফালে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৭ অক্টোবৰ। নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰি দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই আৰু কয় যে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত মুঠ ভোটাৰৰ সংখ্যা ক্ৰমে ৮.৯৪ আৰু ১.৮২ কোটি।
এই দিন-বাৰ ঘোষণাৰ লগে-লগে ৰাজ্য দুখনত আদৰ্শ আচৰণ বিধি কাৰ্যকৰী হয়। উল্লেখ্য, মহাৰাষ্ট্ৰ বিধান সভাৰ মুঠ আসনৰ সংখ্যা ২৮৮ খন। আনহাতে হাৰিয়ানা বিধান সভাৰ মুঠ সদস্যৰ সংখ্যা ৯০ জন।