স্বাস্থ্য প্ৰতিবেদন:
শৰীৰৰ দৈনিক পুষ্টিৰ চাহিদা পূৰণৰ বাবে কণী অত্যন্ত প্রয়োজনীয়। কিন্তু এই কণীয়েই আকৌ বিপদ মাতি আনিব পাৰে। সেয়ে কণী খোৱাৰ পিছত কিছু কিছু খাদ্য খোৱাটো একেবাৰে নিৰাপদ নহয়।
কি কি খাদ্য কণী খোৱাৰ পিছত খাব নালাগে?
চেনি :
কণী খোৱাৰ পিছতেই চেনি নাখাব। কণী আৰু চেনি একেলগে পেটত গ’লে ক্ষতিকৰ এমিনো এচিড সৃষ্টি হয়। এই অমিনো এচিডে তেজ গোট মৰাব পাৰে। ফলত হৃদৰোগৰ আশঙ্কা বাঢ়ি যাব পাৰে। অতি সামান্য পৰিমাণত চেনি পেটলৈ গ’লে অসুবিধা নাই। কিন্তু দুই-তিনি চামুচ বা তাৰ বেছি চেনি গ’লে বিপদ হ’ব পাৰে।
ঠাণ্ডা পানীয় :
এই জাতীয় পানীয়ত প্রচুৰ পৰিমাণৰ চেনি দ্রবীভূত হৈ থাকে। সেই কাৰণেই কণী খোৱাৰ পিছত এই পানীয় খোৱাটো উচিত নহয়।
চাহ বা কফি :
সিদ্ধ কণী, পোচৰ পিছত চাহ বা কফি খালে বিপদৰ আশঙ্কা নাই। কিন্তু কণী ভাজা খোৱাৰ পিছত এইবোৰ খোৱাটো মুঠেই উচিত নহয়। ইয়াৰ ফলত হজমৰ সমস্যা হ’ব পাৰে। অচিডটি হ’ব পাৰে। কোষ্ঠকাঠিন্যৰ সমস্যাও দেখা দিব পাৰে।
তৰমুজ :
কণী খোৱাৰ পিছত ফলৰ তালিকাৰ পৰা তৰমুজ বাদ দিয়ক। কাৰণ কণী আৰু তৰমুজ একেলগে খালে পেটৰ সমস্যা হ’ব পাৰে।
চয়া গাখীৰ :
এই গাখীৰ কণী খোৱাৰ পিছত খোৱাটো একেবাৰে উচিত নহয়। চয়া গাখীৰে কণীৰ পুষ্টিগুণ নষ্ট কৰে।