![]()
স্বাস্থ্য প্ৰতিবেদন:
প্রায় প্রতি ঘৰতেই বৰ্তমান থায়ৰয়ডৰ সমস্যা দেখা যায়। বিশেষকৈ মহিলাসকলৰ এই সমস্যা বেছি দেখা যায়। থায়ৰয়ডৰ ফলত ওজন বাঢ়ি যায়, টোপনিৰ পৰিমাণ বাঢ়ি যায়, সকলো সময়তে শৰীৰত ক্লান্তি ভাব হয়। থায়ৰয়ড একপ্ৰকাৰ হৰমোনজনিত সমস্যা। থায়ৰয়ডৰ ফলত শৰীৰৰ ওজন বাঢ়ি গৈ থাকে, যিটো শৰীৰৰ পক্ষে মুঠেও ভাল নহয়। হাইপোথায়ৰয়ডত ভুগিলে ডায়েটত কি কি খাদ্য ৰাখিব জানি লওঁ আহক।
ব্রাউন ৰাইচ খোৱাৰ চেষ্টা কৰক। ব্রাউন ৰাইচত কার্বোহাইড্রেট থাকে যিয়ে থায়ৰয়ডৰ মোকাবিলাত সহায় কৰে। নাৰিকলৰ গাখীৰ থায়ৰয়ডৰ ক্ষেত্রত উপকাৰী। দৈ খালে থায়ৰয়ডত উপকাৰ পাব। কাৰণ দৈত থাকে ভিটামিন ডি, যিয়ে থায়ৰয়ড হ্ৰাস-বৃদ্ধি নিয়ন্ত্রণ কৰে।
থায়ৰয়ড থাকিলে নিয়মিত ৫০ গ্রামকৈ দৈ খাব পাৰে। কণীত প্রচুৰ পৰিমাণে প্রোটিন থাকে। কণীত থকা পুষ্টিকৰ উপাদানে থায়ৰয়ডৰ মোকাবিলা কৰে। থায়ৰয়ডৰ ৰোগীসকলে সৰু মাছ খোৱা উচিত। ইয়াৰ পৰা উপকাৰ পাব।
ইয়াৰ উপৰি যিবোৰ খাদ্যত কপাৰ, আয়োডিন বেছি থাকে সেইবোৰ খাদ্য খাওক। যেনে সেউজীয়া শাক-পাচলি, বিন, মেথি শাক, কাজুবাদাম, কেপচিকাম ইত্যাদি।













