স্বাস্থ্য প্ৰতিবেদন:
আমাৰ শৰীৰত থকা কিডনি দুটাৰ কাম হ’ল পুষ্টিৰ বাবে ৰক্ত পৰিশোধ কৰা আৰু শৰীৰৰ পৰা প্রস্রাব বাহিৰ কৰা। কিডনিৰ কেন্সাৰ হ’লে কিডনিৰ কার্যক্রমত অস্বাভাৱিক উপসর্গ দেখা যায়।
কিডনি কেন্সাৰৰ ক্ষেত্রত প্রস্রাব কৰাৰ সময়ত তেজ ওলাব পাৰে, পেটত বিষ, ক্লান্তি, ভৰি ফুলি যোৱা, ভোক কমি যোৱা আদি হ’ব পাৰে। এই লক্ষণবোৰ অনুভৱ কৰিলে অবিলম্বে চিকিৎসকৰ ওচৰ চাপিব লাগে।
প্রাথমিক পর্যায়ত কিডনি কেন্সাৰ ধৰা পৰিলে থেৰাপিৰ সহায়ত কেন্সাৰ কোষৰ বৃদ্ধি বন্ধ কৰিব পৰা যায়। কিডনি কেন্সাৰৰ প্রধানত চাৰিটা পৰ্যায় আছে। কিডনি ক্যান্সাৰৰ সকলো পর্যায়তে চিকিৎসা কৰা হয়৷ কিন্তু কেন্সাৰৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে আৰম্ভণিতে ইয়াৰ লক্ষণবোৰ চিনাক্ত কৰাটো গুৰুত্বপূর্ণ।
কিডনি কেন্সাৰৰ চিকিৎসাচ ছার্জাৰি, কেমোথেৰাপি ব্যৱহাৰ কৰা হয়। যদি এবছৰৰ ভিতৰত কিডনি কেন্সাৰ ধৰা পৰে তেনেহ’লে অস্ত্রোপচাৰৰ প্রয়োজন নহয়।
প্রথম পর্যায় :
প্রথম পর্যায়ত কেন্সাৰ কেৱল কিডনি পর্যন্ত আৰু এই পর্যায়ত টিউমাৰৰ আকাৰ প্রায় ২ ইঞ্চি হ’ব পাৰে। যেতিয়ান এই পর্যায়ত কেন্সাৰ ধৰা পৰে তেতিয়া ইয়াৰ থেৰাপিৰ জৰিয়তে চিকিৎসা কৰা হয়।
দ্বিতীয় পর্যায় :
দ্বিতীয় পর্যায়ত কেন্সাৰ কিডনিৰ ভিতৰতে সীমাবদ্ধ আৰু পৰীক্ষাত ই কেৱল কিডনিতে দৃশ্যমান হয়। এই পর্যায়ত টিউমাৰটো টেনিছ বলৰ সমান ডাঙৰ হ’ব পাৰে।
তৃতীয় পর্যায় :
এই পর্যায়ত টিউমাৰ কিডনি আৰু তাৰ ওপৰৰ স্তৰত বিয়পি পৰে৷ কিছু ক্ষেত্রত অস্ত্রোপচাৰ আৰু কিছু ক্ষেত্রত ঔষধৰ সহায় লোৱা হয়।
চতুর্থ পর্যায় :
এই পর্যায়ত টিউমাৰ কিডনি আৰু ওচৰ-পাজৰৰ এলেকাত বিয়পি পৰে৷ টিউমাৰ বা কেন্সাৰ কিডনিৰ উপৰি শৰীৰৰ অন্যান্য অংশত যেনে হাড়, মস্তিষ্ক, লিভাৰ বা হাওঁফাওঁলৈ সংক্ৰমণ হ’ব পাৰে।
কিডনি কেন্সাৰ কেতিয়া বিপজ্জনক হ’ব পাৰে :
মূত্রাশয়ত চাপ বা বিষ :
কিডনি কেন্সাৰৰ বিপদাশংকা পুৰুষসকলৰ মাজত বেছি৷ বয়সীয়া লোকসকলৰ কিডনি কেন্সাৰৰ সম্ভাৱনা বেছি হয়। ক্ষতিকাৰক হ’ব পাৰে সুৰা, গুটখা আদি খায় তেনেহ’লে৷ ই উপসর্গ বৃদ্ধিৰ কাম কৰিব।
অতিৰিক্ত ওজনত :
অতিৰিক্ত ওজনত চিকিৎসা কৰাটো এটি সমস্যা হ’ব পাৰে৷ যিসকলৰ ওজন বেছি, তেওঁলোকৰ ৰোগ প্রতিৰোধ ক্ষমতা আৰু বিপাক উভয়েই দুর্বল, যাৰ কাৰণে সমস্যা হ’ব পাৰে।
দীর্ঘদিন ধৰি ধূমপান কৰিলে কিডনি কেন্সাৰৰ চিকিৎসাক বহু সমস্যা হ’ব পাৰে।
উচ্চ ৰক্তচাপৰ ৰোগীসকল কিডনি কেন্সাৰে বেছি পীড়া দিব পাৰে৷ চিকিৎসকৰ পৰামর্শৰ পিছত চিকিৎসাৰ সময়ত ৰক্তচাপ নিয়ন্ত্রণ ৰাখিব লাগিব।