স্বাস্থ্য প্ৰতিবেদন:
কোভিড পৰৱর্তী সময়ত ঘৰুৱা উপায়েৰে কেনেদৰে চুলিৰ যত্ন কৰিব পাৰি তাৰে কিছু কথা জানো আহক৷
• নাৰিকল তেল :
সপ্তাহত দুদিন মূৰৰ তালুত ভালকৈ নাৰিকল তেল লগাওক। এই তেলত প্রচুৰ পটাছিয়াম আৰু আয়ৰন আছে। সেইবোৰে চুলিৰ ঘনত্ব ঘূৰাই অনাত সহায় কৰিব।
• পিঁয়াজৰ ৰস :
দৈনিক গাধোৱাৰ এক ঘণ্টা আগতে পিঁয়াজৰ ৰস লগাওক। ইয়াত প্রচুৰ ছালফাৰ আছে। চুলি সোনকালে বাঢ়িব ছালফাৰৰ কাৰণে। পিঁয়াজৰ ৰসৰ সৈতে মৌ মিহলাই ল’লে আৰু উপকাৰ পাব।
• কণী :
প্রতিদিনে যদি কণী খাব পাৰে, তেনেহ’লে চুলিৰ গুৰি মজবুত হ’ব। যদি কণী নাখায়, তেনেহ’লে চুলিৰ গুৰিত কণী লগাব পাৰে। তাৰ ফলতো চুলিৰ ভাল বৃদ্ধি হ’ব।
• আমলখিৰ ৰস :
ইয়াত প্রচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টি অক্সিডেন্ট আছে। নেমুৰ ৰসৰ সৈতে আমলখিৰ ৰস মিহলাই মূৰত সানক। সোনকালে চুলিৰ বৃদ্ধি হ’ব। অলপ নিমখ আৰু মৌ মিহলাই এই ৰস খাবও পাৰে। তাৰ পৰাও শৰীৰৰ বিভিন্ন উপকাৰ হ’ব।
• মাছৰ তেল :
ঔষধৰ দোকানত সামুদ্রিক মাছৰ তেলৰ কেপচুল পোৱা যায়। দৈনিক এটাকৈ কেপচুল খাব পাৰে। ইয়াৰ ওমেগা-৩-এ ৰোগ প্রতিৰোধ শক্তিতো বঢ়াবই, লগতে চুলি গজাৰ হাৰো বৃদ্ধি কৰিব।