স্বাস্থ্য প্ৰতিবেদন:
দিন যোৱাৰ লগে লগে কিডনি ৰোগীৰ সংখ্যা বাঢ়ি গৈছে। কিডনি ৰোগ এটি জটিল সমস্যা। এই ৰোগৰ চিকিৎসাও ব্যয়বহুল। সেয়ে কিডনি ৰোগৰ পৰা বাচি থাকিবলৈ কিছু নিয়ম মানি চলা উচিত।
৫টি নিয়ম মানি চলিলে যিকোনো কিডনি ৰোগৰ পৰা মুক্ত থাকিব পৰা যায়।
১. প্রতিদিনে অৱশ্যেই প্ৰায় ৭-৮ গিলাচ (২-৩ লিটাৰ) পানী খাওক।
২. কেতিয়াও প্রস্রাব বাধা দি নাৰাখিব। ইয়াৰ ফলত সংক্রমণৰ (ইনফেকচন) আশঙ্কা থাকে।
৩. চিকিৎকৰ পৰামর্শ অবিহনে কোনো ঔষধ, বিশেষকৈ বিষনাশক (পেইনকিলাৰ) ঔষধ বা কোনো এন্টিবায়োটিক নাখাব।
৪. বয়স ৪০ বছৰৰ বেছি হ’লে নিয়মিত বছৰি অন্তত এবাৰ ডায়েবেটিছ আৰু ব্লাড প্রেচাৰ পৰীক্ষা কৰাব। ডায়েবেটিছ বা ব্লাড প্রেচাৰ থাকিলে সেয়া নিয়ম মানি নিয়ন্ত্রণত ৰাখক।
৫. বছৰত অন্তত এবাৰ প্ৰস্ৰাবৰ মাইক্রো-এলবুমিন পৰীক্ষা কৰাওক।
তথ্য সূত্ৰ : ডক্টৰ কেৰি উইলছ (নেচনেল কিডনি ফাউণ্ডেচন, নিউয়র্ক)।