স্বাস্থ্য প্ৰতিবেদন:
ৰাতি শোৱাৰ আগতে গৰম গাখীৰ খোৱাটো বহুতৰে অভ্যাস। আমেৰিকান বিজ্ঞানীসকলেও তেওঁলোকৰ সাম্প্রতিক গৱেষণাত কৈছে যে গাখীৰত ‘ট্রিপটোফান’ নামৰ উপাদান পোৱা যায়, যিয়ে টোপনি বঢ়ায়।
গাখীৰত পোৱা ট্রিপটোফান এবিধ এমিনো এচিড যিয়ে প্রোটিনৰ জৈৱ সংশ্লেষণত সহায় কৰে। কিন্তু বিজ্ঞানীসকলে এইটোও আবিষ্কাৰ কৰিছে যে গাখীৰত এমিনো এচিড ভাঙি যি প্রোটিনৰ টুকুৰা (পেপটাইড) সৃষ্টি হয় তাকে কেচিন বোলে। কেচিন ট্রিপটিক হাইড্রোলাইজেটে (চিটিএইচ) চাপ আৰু উত্তেজনাৰ পৰা মুক্তি দিয়ে আৰু টোপনিৰ উন্নতি কৰে।
আমেৰিকান কেমিকেল ছ’চাইটিৰ জার্নাল অব এগ্রিকালচাৰেল এণ্ড ফুড কেমিস্ট্রিত প্রকাশিত গৱেষণা অনুসৰি, CTH-ত পেপটাইড আবিষ্কৃত হৈছে। ই ভবিষ্যতে প্রাকৃতিক টোপনিৰ বাবে নতুন চিকিৎসা আবিষ্কাৰৰ দিশে লৈ যাব পাৰে।
ইউএছ চেণ্টাৰ ফৰ ডিজিজ কন্ট্রোল এণ্ড প্রিভেনছন অনুসৰি, আমেৰিকান প্রাপ্তবয়স্কসকলৰ এক তৃতীয়াংশ অনিদ্রাত ভোগে। চিকিৎসসকলৰ প্রায়েই এই ব্যক্তিসকলৰ অনিদ্রাৰ এই ৰোগৰ বাবে বেনজোডিয়াজেপাইন আৰু জোলপিডেমৰ দৰে উপশমকাৰী ঔষধ খাবলৈ কয়। কিন্তু এই ঔষধবোৰতো পার্শ্বপ্রতিক্রিয়া আছে। এনে ধৰণৰ বহু ঔষধে মস্তিষ্কৰ স্নায়ুতো বেয়া প্রভাব পেলায়।এনে পৰিস্থিতিত বিজ্ঞানীসকলে কয়, নিশা শোৱাৰ আগতে কুহুমীয়া গৰম গাখীৰ খোৱাটো কেৱল ভাল টোপনিৰ বাবেই নহয়, স্বাস্থ্যৰ বাবেও ভাল।