স্বাস্থ্য প্ৰতিবেদন:
জালুকত এনে বহু পুষ্টি উপাদান পোৱা যায় যি আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।
জালুকক সাধাৰণতে মচলাৰ ৰজা বোলা হয়। জালুক এনে এবিধ গৰম মচলা যিয়ে কেৱল খাদ্যৰ সোৱাদেই নবঢ়ায় বৰং বিভিন্ন ৰোগৰো চিকিৎসা কৰে।
জালুক এন্টি অক্সিডেন্ট সমৃদ্ধ যিয়ে ৰোগ প্রতিৰোধত সহায় কৰে।
এন্টি অক্সিডেন্ট :
প্ৰদূষণ, চিগাৰেটৰ ধোঁৱা, সূর্যৰ ৰশ্মি ইত্যাদি স্বাস্থ্যৰ বাবে ক্ষতিকৰ। এইবোৰ কাৰণত প্রদাহ, হৃদৰোগ, কোনো ধৰণৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়ি যায়। এই ক্ষেত্রত জালুক খোৱাটো উপকাৰী।
প্রদাহ বিৰোধী বৈশিষ্ট্য :
দীর্ঘস্থায়ী প্রদাহৰ সমস্যা বাত, হৃদৰোগ, ডায়েবেটিছ আৰু কেন্সাৰৰ কাৰণে বৃদ্ধি পায়। গৱেষণাত দেখা গৈছে যে জালুক প্রদাহৰ বিৰুদ্ধে যুঁজত অতি উপকাৰী আৰু শ্বাসনলীৰ প্রদাহ দূৰ কৰে।
চিন্তা শক্তি বৃদ্ধি কৰে :
জালুকৰ পানী খালে আমাৰ মস্তিষ্কই অধিক ভালভাবে কাম আৰম্ভ কৰে। ইয়াৰ উপৰি, যিসকল ব্লেক পার্কিনছন ৰোগ আৰু আলজেইমাৰ ৰোগত ভুগিছে তেওঁলোকৰ বাবেও জালুকৰ পানী খোৱাটো বহু উপকাৰী হ’ব পাৰে।
হার্ট সুস্থ ৰখাত সহায়ক :
জালুক শৰীৰৰ বেয়া কোলেষ্টেৰল কমোৱাতো ব্যৱহৃত হয়। চিকিৎসকৰ মতে, জালুকৰ ব্যৱহাৰ হার্টৰ বাবে ভাল। পানীত দ্রবীভূত জালুক খালে হৃদয় ভালে ৰাখিব আৰু দীর্ঘদিন ধৰি হৃদয় সম্পর্কিত সমস্যাৰ পৰা নিজকে দূৰৈত ৰাখিবলৈ সক্ষম হ’ব।
প্রাকৃতিক সৌন্দর্য পোৱাৰ বাবে শ্ৰেষ্ঠ :
জালুকৰ পানী খালে ইয়াত থকা এন্টি-অক্সিডেন্টবোৰে ছালক উজ্জ্বল কৰি তোলে। বিশেষজ্ঞসকলৰ মতে, জালুকৰ পানী স্বাভাবিকভাবেই যুৱ চেহেৰাৰ ছাল পোৱাৰ সকলোতকৈ সহজ আৰু সর্বোত্তম উপায়।
ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰাখে :
ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰাখিবলৈ জালুক খোৱাৰ পৰামর্শ দিয়ে বিশেষজ্ঞসকলে।
কেন্সাৰ :
জালুকত এন্টি-কার্সিনোজেনিক বৈশিষ্ট্য আছে। গৱেষণাত দেখা গৈছে, জালুকত পোৱা পুষ্টিকৰ উপাদানে স্তন, প্রোষ্টেট আৰু কোলন কেন্সাৰ কোষৰ বৃদ্ধি ৰোধ কৰে। কেৱল সেয়াই নহয়, কেন্সাৰৰ চিকিৎসাৰ সময়ত জালুক খোৱাটো উপকাৰী। ই শৰীৰক অক্সিডেটিভ স্ট্রেছৰ পৰা ৰক্ষা কৰাতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।