ষ্টাফ ৰিপ’ৰ্টাৰ:
অসুখৰ কোনো বয়স নাই। ফলত সতর্ক হ’ব লাগিব যিকোনো সঙ্কেত পালেই। যিবোৰ অস্বস্তিক সাধাৰণতে অৱহেলা কৰা হৈ থাকে, সেইবোৰ বিষয়তো সাৱধান হ’ব লাগিব। ধূমপানৰ অভ্যাস নাথাকিলেও বুকুত বিষ হ’লে সতর্ক হোৱা প্রয়োজন। সকলো বয়সৰ নাৰী-পুৰুষ প্রতিয়েই এই বার্তা দিছে আমেৰিকান কেন্সাৰ ছ’চাইটিয়ে।
কি কি সঙ্কেত পালে বেছি সাৱধান হ’ব লাগিব?
১) সঘনাই চর্দি-কাহ হৈ থকাটো কিন্তু স্বাভাৱিক নহয়। যদি কিছু দিনৰ মূৰে মূৰে ঠাণ্ডা লাগি থাকে, তেতিয়া বুজিব লাগিব যে শৰীৰৰ ভিতৰত কোনো সমস্যা আছে। বহুতৰে আকৌ কাহ হ’লে কমিবই নোখোজে। এনে প্রবণতা দেখিলে সাৱধান হোৱাটো জৰুৰী।
২) টোপনিৰ পৰা উঠিলে কান্ধ-পিঠিত বিষ হয় নেকি? তেনেহ’লে বুজিব লাগিব, এয়া সাধাৰণ ক্লান্তি নহয়। অনেক সময়ত শৰীৰৰ এক অংশত সমস্যা হ’লে একেবাৰে অন্য কোনো অঙ্গত অসুবিধাই দেখা দিয়ে। এনে ধৰণৰ বিষক চিকিৎসা পৰিভাষাত কোৱা হয় ‘ৰেফার্ড পেইন’।
৩) শ্বাস ল’বলৈ গ’লেই কষ্ট অনুভৱ হয় নেকি? এই সমস্যাও অৱহেলা কৰিব পৰাবিধৰ নহয়। বুজিব লাগিব যে হাওঁফাৱেঁ জনাই দিছে যে ভিতৰত কোনো সমস্যা আছে। হাওঁফাওঁৰ আশেপাশে প্রদাহ সৃষ্টি হ’লে বহু সময়ত এনে হ’ব পাৰে।
৪) সকলো সময়ত ক্লান্ত লাগিলে যেনে উদ্বেগ, অৱসাদৰ দৰে সমস্যা হোৱাৰ আশঙ্কা থাকে, তেনেদৰে অন্য অসুখো হ’ব পাৰে। হাওঁফাৱেঁ সঠিকভাবে কাম নকৰিলে শৰীৰত পর্যাপ্ত অক্সিজেন নোসোমায়। তাৰ পৰাই ক্লান্তি আহিব পাৰে।
৫) ডিঙিৰ শব্দ অন্য ধৰণৰ লাগেছে নেকি? চর্দি-কাহ হ’লে এনে সমস্যা হৈয়েই থাকে। কিন্তু দিনৰ পিছত দিন যদি এনেদৰেই চলে, তেন্তে সমস্যা গুৰুতৰো হ’ব পাৰে। তেনেক্ষেত্রত চিকিৎসকৰ পৰামর্শ লোৱাটো জৰুৰী।