স্বাস্থ্য প্ৰতিবেদন:
নহৰুৰ গুণ বহুত। চকু ভালে ৰখাৰ পৰা ৰক্তচাপ নিয়ন্ত্রণ— নিয়মিত নহৰু খালে শৰীৰৰ বহু উপকাৰ হয়। কিন্তু সকলোতকৈ বেছি উপকাৰ হয় পুৱা খালী পেটত নহৰু খালে। এক কোঁহ নহৰু খালী পেটত খোৱাৰ গুণাগুণ আৰু বেছি বুলি শেহতীয়া গৱেষণাৰ দাবী।
সম্প্রতি আমেৰিকাৰ ইউনিভাৰ্ছিটি অব কানেক্টিকাট স্কুল অব মেডিচিনে নহৰু সন্দৰ্ভত এক গৱেষণা-পত্র প্রকাশ কৰিছে। পুৱা খালী পেটত নহৰু খোৱাৰ উপকাৰিতা সম্পর্কে তাত কেইবাটাও কথা কোৱা হৈছে।
• যিসকলে পুৱা খালী পেটত এক কোঁহ নহৰু খায়, তেওঁলোকৰ হৃদৰোগৰ আশঙ্কা বহুখিনি কমে। ৰক্তচাপ নিয়ন্ত্রণত থাকে, শৰীৰ সহজতে ক্লান্ত নহয়।
• ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰাখিব পাৰে নহৰুই। বিশেষকৈ দৈনিক যদি কোনোৱে এক কোঁহ নহৰু খায়, তেওঁৰ ডায়েবেটিছৰ আশঙ্কা কিছু কমিব পাৰে।
• বহুতেই গোটেই বছৰ চর্দি-কাহৰ সমস্যাত ভোগে। ঠাণ্ডা লগাটো যেন নকমেই। তেওঁলোকে যদি নিয়মিত পুৱা খালী পেটত এক কোঁহ নহৰু খায়, তিনি সপ্তাহতেই এই সমস্যাৰ পৰা মুক্তি পাব পাৰে।
• সকলোতকৈ ডাঙৰ কথা, শৰীৰক প্ৰদূষণমুক্ত কৰিবলৈ নহৰু খুবেই কার্যকৰী। পুৱা খালী পেটত এক কোঁহ নহৰু খালে শৰীৰত জমা হোৱা টক্সিন সোনৰালে পৰিষ্কাৰ হৈ যায়। ইয়াৰ ফলত সামগ্ৰিকভাৱে সুস্থতা বাঢ়ে।