ASSAM TIMES POST
নতুন দিল্লীঃ পশ্চিম বংগৰ ৰাণাঘাট ষ্টেচনত ‘আৱিষ্কাৰ’ হোৱা ৰাণু মণ্ডলৰ লেখীয়াকৈ লক্ষ্ণৌতো তেনে এক সংগীত প্ৰতিভা ‘আৱিষ্কাৰ’ হৈছে। পেশাত তেওঁ এজন উবেৰ চালক। নাম বিনোদ।
সম্প্ৰতি বিনোদৰ কণ্ঠত কুমাৰ চানুৰ চিৰসেউজ গীত ‘নজৰ কী চামনে’য়ে সকলোৰে অন্তৰ আত্মা কঁপাই তুলিছে। এইজন উবেৰ চালকৰ সুপ্ত প্ৰতিভা চিনাক্ত কৰে গৌৰৱ নামৰ এজন যুৱকে। এই গৌৰৱেই ছ’চিয়েল মাইক্ৰ’ব্লগিং ছাইট টুইটাৰত তেওঁৰ কণ্ঠৰ চানেকি দাঙি ধৰিছে।
https://twitter.com/i/status/1172899827979452416
বিনোদৰ বাহনত আৰোহী হিচাপে যোৱা গৌৰৱে তেওঁৰ কণ্ঠত উক্ত গীতটো শুনি বাহনৰপৰা নমাৰ সময়টো বিনোদক আন এটি গীত গাবলৈ অনুৰোধ জনাইছিল। গৌৰৱে টুইটাৰত এই সমস্ত কথা উল্লেখ কৰিছে। বিনোদৰ এনে প্ৰতিভাক উবেৰ ইণ্ডিয়া কৰ্তৃপক্ষয়ো শলাগিছে।












