ASSAM TIMES POST
নতুন দিল্লীঃ গত ১ ছেপ্টেম্বৰৰপৰা দেশৰ ভিন্ন ৰাজ্যত কাৰ্যকৰী হোৱা সংশোধিত যান-বাহন আইনৰ বিৰোধিতাৰে ১৯ ছেপ্টেম্বৰত দিল্লীকে প্ৰমুখ্য কৰি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত চকা বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে নয়দা ট্ৰেন্সপ’ৰ্ট ইউনাইটেড ফ্ৰন্ট নামৰ সংগঠনটোৱে।

এই আইনৰ অধীনত বৰ্ধিত হাৰৰ জৰিমনাই বাছৰ চালক, কৰ্মচাৰী আৰু মালিকক পেটত গামোছা মাৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰা বুলি ইয়াৰ প্ৰতিবাদকল্পেই এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি ফ্ৰন্টৰ এটা সূত্ৰই সংবাদ মাধ্যমত জনাইছে।
ইয়াক সমৰ্থন জনাইছে বহুকেইটা ট্ৰাক আৰু বাণিজ্যিক বাহনৰ চালক, কৰ্মচাৰী আৰু মালিক সন্থাই।












