ASSAM TIMES POST
কলকাতাঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক বুধবাৰে নতুন দিল্লীত লগ ধৰিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে। প্ৰাপ্ত তথ্য অনুসৰি যোৱা সপ্তাহত ইয়াৰ অৰ্থে অনুমতি লাভ কৰিছিল মমতা বেনাৰ্জীয়ে।
ইফালে সোমবাৰে পশ্চিম বংগ সচিবালয়ে ইয়াৰ নিশ্চিতি প্ৰদান কৰিছে। ইয়াৰ বাবে মঙলবাৰে মমতা বেনাৰ্জী নতুন দিল্লী অভিমুখে ৰাওনা হৈছে। সততে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক তাচ্ছিল্য কৰি অহা মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সময় দিয়াতে ক্ষোভত ফাটি পৰিছে ভাৰতীয় জনতা পাৰ্টি।
এই সন্দৰ্ভত বিজেপিৰ এজন মুখপাত্ৰই কয় যে মমতাই প্ৰধানমন্ত্ৰীক লগ ধৰাৰ কাৰণ ‘অ’পেন চিক্ৰেট’। মমতাৰ এই কাৰ্যক সুযোগসন্ধানী ৰাজনীতি আখ্যা দিয়ে মুখপাত্ৰজনে। তেওঁ আৰু কয় যে চিবিআইৰ জেৰাৰপৰা যাতে তেওঁ (মমতা বেনাৰ্জী) হাত সাৰিব পাৰে, তাৰ বাবেই প্ৰধানমন্ত্ৰীক তৈলমৰ্দন কৰিব মমতাই।












