ASSAM TIMES POST
নতুন দিল্লীঃ জম্মু-কাশ্মীৰত নজৰবন্দী কৰি ৰখা শিশুসকলৰ প্ৰসংগত প্ৰয়োজনীয়তা সাপেক্ষে তালৈ যাব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ত এই সম্পৰ্কত হোৱা শুনানিতে তেওঁ এই কথা কয়। তদুপৰি এই প্ৰসংগত মুখ্য ন্যায়াধীশজনে জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰিব বুলি ব্যক্ত কৰে। এই সম্পৰ্কত তেওঁ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক প্ৰতিবেদন দাখিল কৰিবলৈয়ো কয়। ইয়াক তেওঁ গুৰুতৰ ঘটনা আখ্যা দিয়ে।












